অসম

assam

ETV Bharat / state

বিলাসীপাৰাত ছামছুল হুদাৰ নিৰ্বাচনী প্ৰচাৰ - Samsul Huda's election campaign in Bilasipara

বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে নিৰ্বাচনী যুঁজৰ বাবে ৷ বৃহস্পতিবাৰে 27 নং পূব বিলাসীপাৰা বিধানসভা সমষ্টিটো নিৰ্বাচনী প্ৰচাৰ চলালে মহাজোঁটৰ সমৰ্থিত আৰু AIUDFৰ মনোনীত প্ৰাৰ্থী ছামছুল হুদাই ৷ সমষ্টিটোত প্ৰাৰ্থী গৰাকী উপস্থিত হোৱাৰ পাচতে সৃষ্টি হয় উখল-মাখল পৰিবেশ ৷

বিলাসীপাৰাত ছামছুল হুদাৰ নিৰ্বাচনী প্ৰচাৰ
বিলাসীপাৰাত ছামছুল হুদাৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 12, 2021, 9:24 AM IST

পশ্চিম বিলাসীপাৰা,12 মাৰ্চ:বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰায় সকলো ৰাজনৈতিক দলে নিৰ্বাচনী যুঁজৰ বাবে কঁকালত টঙালি বান্ধিছে । পিছ পৰি থকা নাই 27 নং পূব বিলাসীপাৰা বিধানসভা সমষ্টিৰ মহাজোঁটৰ সমৰ্থিত আৰু AIUDFৰ মনোনীত প্ৰাৰ্থী ছামছুল হুদা । টিকট লাভ কৰি বিলাসীপাৰাত পদাৰ্পণ কৰাৰ লগে লগে পূৱ সমষ্টিত আৰম্ভ হৈছে উখল-মাখল পৰিবেশ ।

বিলাসীপাৰাত ছামছুল হুদাৰ নিৰ্বাচনী প্ৰচাৰ

কি দোকান, কি বজাৰ-ঘাট সকলোতেই হুদাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। বৃহস্পতিবাৰে নিশা নিৰ্বাচনী প্ৰচাৰ চলাই থকা প্ৰাৰ্থী হুদাই কয় যে, সমষ্টিবাসীৰ দীৰ্ঘদিনীয়া যি বোৰ সমস্যা আছে, সকলোবোৰ সমস্যা সমাধান কৰাই এই নিৰ্বাচনৰ মূল লক্ষ্য ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয় যে, প্ৰায় লক্ষাধিক ভোটৰ ব্যৱধানত নিশ্চিত ভাৱে জয়লাভ কৰিৱ হুদাই ৷

লগতে পঢ়ক:তেজপুৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details