বিলাসীপাৰা , 15 এপ্ৰিলঃদেওবাৰে পশ্চিম বিলাসীপাৰাৰ কৃষ্ণ নগৰত পৰম্পৰাগতভাৱে পালন কৰা হয় চড়ক পূজা ৷ অগণন ভক্তৰ সমাগমেৰে বিলাসীপাৰাত পালন কৰা হয় 48তম চড়ক পূজা ৷
পশ্চিম বিলাসীপাৰাত পৰম্পৰাগত ভাৱে পালন চড়ক পূজা - বিলাসীপাৰা
দেওবাৰে বিয়লি কৃষ্ণ নগৰত উদুলি মুদুলি পৰিৱেশ ৷ বিলাসীপাৰাত বিগত 48 বছৰ ধৰি পালন কৰি অহা হৈছে এই চড়ক পূজা
প্ৰবাদ অনুসৰি তাহানিতে অসমৰ শোণিতপুৰত প্ৰথমে আৰম্ভ হৈছিল চড়ক পূজা ৷ কালক্ৰমত ই বিভিন্ন স্থানলৈ প্ৰসাৰিত হয়গৈ,পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন স্থানত এই চড়ক পূজা পালন কৰি অহা হৈছে ৷ কঠোৰ ব্ৰতৰ মাজেৰে পুৰোহিতসকলে চড়ক পূজা পালন কৰে ৷ পূজাৰ এসপ্তাহ পূৰ্বৰে পৰা চড়কৰ শুল বিন্ধি দিয়া ব্যক্তিজনক হৰ গৌৰীৰ সাধনা কৰি প্ৰস্তুত কৰি তোলা হয় ৷ চড়ক পূজাৰ দিনা সেই বিশেষ ব্যক্তিজনৰ পিঠিত লোৰে প্ৰস্তুত কৰা শুল বিন্ধি দি কল গছেৰ নিৰ্মাণ কৰি উলিওৱা চড়ক তুলি সাত পাক ঘুৰোৱা হয় ৷ ধুপ চাকি আই মাতৃ সকলৰ উৰুলি, শঙ্খধ্বনি আদি মাংগলিক প্ৰথাৰে পালন কৰা হয় চড়ক পূজা ৷ মূলতঃ এই পূজাৰ বিশেষত্ব হৰ গৌৰীৰ আৰাধনা বুলি কোৱা হয় ৷ এই পূজা অৰ্চনাৰ যোগেদি সমাজৰ অপায় অমংগল দূৰ কৰা তথা বিশ্ব শান্তি কামনা কৰে ভক্তপ্ৰাণ ৰাইজে ৷