ধুবুৰী, 30 এপ্ৰিল:দীৰ্ঘদিনৰ পৰা ধুবুৰীত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ বিগত কিছুদিন ধৰি ধুবুৰীত ত্ৰাসৰ সৃষ্টি কৰিছে চিলনী চোৰে ৷ প্ৰতিদিনে সংঘটিত হৈছে ইটোৰ পাচত সিটো চোৰ-ডকাইতিৰ ঘটনা ৷ বৃহস্পতিবাৰে এগৰাকী লোকৰ পৰা চিলনী চোৰে থপিয়াই নিলে প্ৰায় 1.96 লাখ টকা নগদ ধনৰ এখন বেগ ৷
উল্লেখ্য যে, ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ আইৰকাটাৰ শিৰাজুল হক মোল্লা নামৰ এজন শিক্ষকে ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাৰ পৰা 1.96 লাখ টকা উলিয়াই ঘৰলৈ আহিব লওতেই পাছফালৰ পৰা অহা দুজনীয়া দুৰ্বৃত্তৰ দল এটাই শিক্ষক গৰাকীৰ হাতত পৰা বেগটো থপিয়াই লৈ যায় ৷