ধুবুৰী, 2 জানুৱাৰী : নৱবৰ্ষত অসমবাসীলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক অনন্য উপহাৰ ৷ সোমবাৰে গৌৰীপুৰৰ নিকটৱৰ্তী মাটিয়াবাগৰ হাৱাখানা আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰি ভূমি পূজন কৰে (Bhumi Pujan for renovation of Hawa Mahal)৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ইপিনে আজি এই অনুষ্ঠানৰ ভূমি পূজন কৰি 15,20,82,000 কোটি টকাৰ চেকো প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
গদাধৰ নৈৰ পাৰত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ নিলগত এটা টিলাৰ ওপৰত আছে ৰাজ প্ৰাসাদ ৷ এই প্ৰাসাদটো হাৱাখানা নামেৰে পৰিচিত ৷ পানবাৰীৰ পৰা ৰাজপাট গৌৰীপুৰলৈ স্থানান্তৰ হোৱাৰ পিচত জমিদাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ দিনত অৱসৰ বিনোদনৰ স্থান হিচাপে ইয়াক নিৰ্মাণ কৰা হৈছিল ৷ 1904 চনত হাৱাখানাৰ নিৰ্মাণ আৰম্ভ কৰা হয় আৰু 1914 চনত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় ৷ হাৱাখানাটোত শোৱনি কোঠা, স্নানাগাৰ ধৰি মুঠ 24 টা কোঠালি আছে ৷
কাষেৰে বৈ যোৱা গদাধৰ নৈৰ সৌন্দৰ্য আৰু প্ৰাসাদটোৰ কাৰুকাৰ্যই স্বাভাৱিকতে ৰাইজক আকৰ্ষণ কৰে ৷ ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবাদ প্ৰতীম ব্যক্তি প্ৰমথেশ চন্দ্ৰ বৰুৱাই এই প্ৰাসাদতে তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল ৷ এই হাৱাখানাতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই পত্নী প্ৰিয়ম্বদা পেটেলৰ সৈতে ‘‘মাহুত বন্ধুৰে’’ চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ সময়ত ডেৰ মাহ কাল আছিল ৷
ইয়াৰোপৰি প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ‘মুক্তি’, উত্তম কুমাৰৰ ‘বিচাৰক’, টম অল্টাৰ আৰু মুনমুন সেন অভিনীত ‘গজমুক্তা’ আদি বহু চিনেমাৰ দৃশ্যগ্ৰহণ এই শতিকা পুৰণি প্ৰাচীন ৰাজকীয় প্ৰাসাদটোতেই হৈছিল ৷ অসমবাসীৰ আদৰৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেয়ে (Legendary Goalpariya folk singer Pratima Pandey Baruah) কলিকতাত জন্ম গ্ৰহণ কৰিলেও এই প্ৰাসাদতে কটাইছিল জীৱনৰ সৰহ সময় ৷ ইয়াতেই চৰ্চা কৰিছিল গোৱালপৰীয়া লোকগীতৰ ৷