পশ্চিম বিলাসীপাৰা, 21 ছেপ্টেম্বৰ : বুধবাৰে বিলাসীপাৰাত কংগ্ৰেছৰ পৰ্যায়লোচনা সভা অনুষ্ঠিত হয় । সন্ধিয়া বিলাসীপাৰাৰ প্ৰতিমা পাণ্ডে বৰুৱা প্ৰেক্ষাগৃহত আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সভা অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত বিধায়ক ৰকিবুল হুছেইন, বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে জিলা পৰ্যায়ৰ কংগ্ৰেছৰ নেতাসকলে অংশ গ্ৰহণ কৰে ৷
উক্ত সভাৰ পাচতে বৰ্তমানৰ চৰকাৰক সমালোচনা কৰে বিধায়ক ৰকিবুল হুছেইনে ৷ ৰাজ সাহায্য আৰু ভূমি কেলেংকাৰীত মুখ্যমন্ত্ৰী পৰিয়ালৰ নাম সঙোৰ খোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেতা হুছেইনে ৷
তেওঁ কয়, ‘‘ৰাইজে গমে পাইছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত কিমান কেলেংকাৰী হৈছে ৷ চৰকাৰে ৰাইজক টেঁটু চেপি হাৰাশাস্তি কৰিছে ৷ যাৰ বাবে ৰাইজে পৰিত্ৰাণ বিচাৰিছে ৷ স্বেচ্ছাচাৰী শাসকক গাদীৰ পৰা ওফৰাই ধুঁৱলি-কুঁৱলী তথা প্ৰদূষিত ৰাজনীতিৰ পৰা মুক্ত হ’ব বিচাৰে ৰাইজে ৷ সেয়ে আগন্তুক দিনত দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খেদিব ৰাইজে ৷’’