ধুবুৰী, 10 জানুৱাৰী :হিমন্ত বিশ্ব শৰ্মাক এইবাৰ পানীৰ সৈতে তুলনা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে ৷ সাংবাদিকৰ আগত তেওঁ কয় , হিমন্ত বিশ্ব শৰ্মাক যি পাত্ৰতে থোৱা হয় সেই পাত্ৰৰে আকাৰ লয় ৷ কংগ্ৰেছত থাকোতে কংগ্ৰেছৰ আকাৰ আৰু বিজেপিলৈ যোৱা পিচত বিজেপিৰ আকাৰ ল'লে বুলি হিমন্তক কটাক্ষ কৰে ৰকিবুল হুছেইনে ৷
উল্লেখ্য যে, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এক অনুষ্ঠানত সাংসদ গৌৰৱ গগৈৰ সৈতে উপস্থিত থাকে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ৷ এই কাৰ্যসূচীৰ পিচতেই সাংবাদিকক সম্বোধন কৰে ৰকিবুল হুছেইনে ৷
সাংবাদিকৰ আগত তেওঁ আৰু কয়, হিমন্ত বিশ্বৰ মাত-কথা শুনিলে বিজেপিৰ একাংশৰ নেতাই পৰিয়ালৰ সৈতে টিভি চাই থাকিলেও টিভি বন্ধ কৰি দিয়ে ৷ ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ নকৰাকৈ অসমৰ সমন্বয়ৰ বান্ধ ছিঙিবলৈ যিমানেই চেষ্টা কৰিব কংগ্ৰেছে সিমানেই গজাল হাতুৰী লৈ যোৰা লগাব বুলি মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে ৷