অসম

assam

By

Published : Feb 1, 2021, 8:14 PM IST

ETV Bharat / state

কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত মহাজোঁটৰ চৰকাৰ গঠন হ'বঃ ৰকিবুল হুছেইন

গোলকগঞ্জত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল গণ সমাৱেশত অংশ লোৱাৰ পূৰ্বে বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । তেওঁ কয় যে, বাজেটত উল্লেখ কৰা কথা আৰু বিজেপি চৰকাৰে কৰা কামৰ মাজত সাদৃশ্য নাথাকে । লগতে কংগ্ৰেছৰ নেতৃত্বত অসমত মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ
বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

পূৱ বিলাসীপাৰা, 1 ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে কংগ্ৰেছে । সোমবাৰে গোলকগঞ্জত কংগ্ৰেছৰ বিশাল গণ সমাৱেশ অনুষ্ঠিত হয় । ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত এই গণ সমাৱেশত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । সভাত অংশগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ নেতাগৰাকী পূৱ বিলাসীপাৰাৰ বহলপুৰত উপস্থিত হয় আৰু দলৰ কৰ্মকৰ্তাই তেওঁক উষ্ম আদৰণি জনায় ।

আজি সদনত দাখিল কৰা বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰকিবুল হুইছেনে । তেওঁ কয় যে, 'বাজেট দাখিল কৰাৰ আগতে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি থাকে । চৰকাৰে বাজেটৰ দাখিল কৰে ঠিকেই, কিন্তু বাজেটত উল্লেখ কৰা কথা আৰু বিজেপি চৰকাৰে কৰা কামৰ মাজত কোনো সাদৃশ্য নাথাকে । ফলত সাধাৰণ ৰাইজে হাৰাশাস্তি ভূগিবলগীয়া হয়' ।

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

বিধানসভা নিৰ্বাচন প্ৰসংগত তেওঁ কয় যে, 'কংগ্ৰেছৰ নেতৃত্বত অসমত মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো দিনৰ পোহৰৰ দৰে স্পষ্ট' । নিৰ্বাচনৰ প্ৰাক ক্ষণত কেইবাজনো জ্যেষ্ঠ নেতাই দল ত্যাগ কৰি যোৱাৰ পিছতো দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰি পুনৰ শাসনভাৰ নিজৰ হাতলৈ নিবলৈ প্ৰস্তুতি চলাইছে কংগ্ৰেছে ।

লগতে পঢ়ক:তেজপুৰত পানী যোগান আঁচনিৰ কৰ্মচাৰীৰ ধৰ্মঘট

ABOUT THE AUTHOR

...view details