ধুবুৰী,1 এপ্ৰিল : ধুবুৰীৰ গৌৰীপুৰত বৃহস্পতিবাৰে কংগ্ৰেছ মহাজোঁটৰ AIUDFৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়ক ৰকিবুল হুছেইনে ৷ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত বালাজানত অনুষ্ঠিত নিৰ্বাচনী সভাত বিৰোধীক সমালোচনা কৰাৰ পূৰ্বে ৰাইজক বহু প্ৰতিশ্ৰুতি দিয়ে বিধায়ক গৰাকীয়ে ।
এইবাৰ অসমত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ’ব । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ 47 টা সমষ্টিৰ ভিতৰত মহাজোঁটে 45 টা সমষ্টি দখল কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত বৰাক উপত্যকাত 15 টাকৈ সমষ্টিত জয়লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক হুছেইনে ।