অসম

assam

By

Published : Oct 11, 2020, 8:34 PM IST

ETV Bharat / state

গাঁঠিৰ ধন ভাঙি পথ মেৰামতি ৰাইজৰ

বিলাসীপাৰাৰ বাতাপাৰা-বংশীপাৰা সংযোগী পথটো মেৰামতিৰ অভাৱত অনুপযোগী হৈ পৰিছে যাতায়াতৰ বাবে ৷ উক্ত পথছোৱা ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰি সূচল কৰি তোলে ৷

Road reconstruction by public in bilasipara dhubri assam etv bharat news
পথ মেৰামতি

বিলাসীপাৰা,11 অক্টোবৰ :এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ধুবুৰীৰ বিলাসীপাৰাবাসীক ৷ বিলাসীপাৰা চহৰৰ দুই নং ৱাৰ্ডৰ বাতাপাৰাৰ পৰা বংশীপাৰা সংযোগী পথটো মেৰামতিৰ অভাৱত অনুপযোগী হৈ পৰিছে যাতায়াতৰ বাবে ৷ বোকা পানীৰে পৰিপূৰ্ণ হৈ কদৰ্যময় ৰূপ ধাৰণ কৰা পথছোৱাৰে বিগত পাঁচ বছৰে জীয়াতু ভুগি অহা যোৱা কৰাৰ এক অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷

ৰাইজে বিষয় সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ বিৰুদ্ধে ৷ বিগত সময়ত অঞ্চলবাসীয়ে বহুবাৰ এইক্ষেত্ৰত আবেদন কৰিও লাভ নকৰিলে কোনো সুফল ৷ উপায়ন্তৰ অঞ্চলবাসীয়ে অৱশেষত গাঁঠিৰ ধন ভাঙি শনিবাৰে পথছোৱা মেৰামতি কৰি যাতায়াতৰ বাবে সূচল কৰি তোলে ৷

লগতে চাওকঃহাথৰস কাণ্ড : CBI য়ে গ্ৰহণ কৰিলে তদন্তৰ দায়িত্ব

ABOUT THE AUTHOR

...view details