পূৱ বিলাসীপাৰাত মাৰুতি জেন আৰু আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ, নিহত 1
AS-17B-8557 নম্বৰৰ বাছখনৰ সৈতে AS-01AB-1075 নম্বৰৰ তীব্ৰ বেগী মাৰুতি জেনখনে নিয়ন্ত্ৰণ হেৰুৱাই AS-17B-8557 নম্বৰৰ বাছখনত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীতে নিহত হয় জেন খনৰ চালক এৰচাদ আহমেদ।
ROAD MISHAP
পূৱ বিলাসীপাৰা, 18মে': পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত তীব্ৰ বেগী মাৰুতি জেন আৰু আলট্ৰা বাছৰ মাজত মুখামুখি সংঘৰ্ষ। AS-17B-8557 নম্বৰৰ বাছখনৰ সৈতে AS-01AB-1075 নম্বৰৰ তীব্ৰ বেগী মাৰুতি জেনখনে নিয়ন্ত্ৰণ হেৰুৱাই AS-17B-8557 নম্বৰৰ বাছখনত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীতে নিহত হয় জেন খনৰ চালক এৰচাদ আহমেদ। লগতে আহত হয় জেনখনৰ পাঁচজনকৈ যাত্ৰী। আহত আটাইকেইজন গোৱালপাৰাৰ ভাটিপাৰাৰ বুলি জানিব পৰা গৈছে।