ধুবুৰী,16 মাৰ্চ:মঙলবাৰে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নিকটৱৰ্তী ঝগৰাৰপাৰ এলেকাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । এখন ব্যক্তিগত এম্বুলেঞ্চ আৰু ই ৰিক্সাৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷
তীব্ৰ গতিত অহা এম্বুলেঞ্চখনে দুখন ই ৰিক্সাক পিছফালৰ পৰা খুন্দা মাৰে ৷ ফলত এম্বুলেঞ্চখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষতে থকা দ্যা হাৰ্ট নামৰ এখন ঔষধৰ দোকানত খুন্দিওৱাৰ পিছত ব্যাপক ক্ষয়-ক্ষতি হয় । তেনে সময়ত অৰ্পণা ৰায় (৩৮) নামৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত নিজৰ কৰ্তব্য পালন কৰি খোজকাঢ়ি গৈ থকা অৱস্থাত নাৰ্চ গৰাকীক খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় ।