ধুবুৰী, 8 নৱেম্বৰ : দেওবাৰে ধুবুৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নিউ পাণবাৰী অঞ্চলত ট্ৰেক্টৰ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈ থিতাতে নিহত হয় দুজনকৈ লোক ৷ নিহত লোক দুজন ট্ৰেক্টৰ চালক আবুল হুছেইন আৰু শ্ৰমিক গিয়াছ উদ্দিন আহমেদ বুলি জানিব পৰা গৈছে ।
ধুবুৰীৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন - যাত্ৰীবাহী বাছ
ধুবুৰীত বাছ দুৰ্ঘটনা ৷ বাছ আৰু টেক্টৰৰ মাজত সংঘটিত হয় দুৰ্ঘটনা ৷ থিতাতে নিহত দুজন লোক ৷
![ধুবুৰীৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন road-accident-in-dhubri-two-dead](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9474009-19-9474009-1604817001155.jpg)
ধুবুৰীৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক
উল্লেখ্য যে, যাত্ৰীবাহী বাছখন ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল । তেনে সময়তে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হয় । অৱশ্যে, কোনো বাছ যাত্ৰী আহত হোৱাৰ খবৰ পোৱা নাই ।
লগতে পঢ়ক :৯ নৱেম্বৰত পূৰ্ণ হ'ব কলাক্ষেত্ৰৰ 23 বছৰ