অসম

assam

ETV Bharat / state

ধুবুৰীত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাঁচ গৰাকী

চিকিৎসকৰ অভাৱ ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত

ROAD ACCIDENT

By

Published : Mar 12, 2019, 10:56 PM IST

ধুবুৰী,12 মাৰ্চ : ধুবুৰীত বিলাসীপাৰাত পথ দুৰ্ঘটনাৰ ফলত আহত মহিলা সহ পাঁচ গৰাকী। গুৰুতৰভাৱে আহত ৰোগীক চিকিৎসাৰ বাবে চিকিৎসকৰ অভাৱ ধুবুৰী অসামৰিক চিকিৎসালয়ত ।

ROAD ACCIDENT

ঘটনা অনুসৰি ধুবুৰী জিলাৰ বিলাসিপাৰা মহকুমাৰ নয়াহাট 31 নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাত পতিত হ'ল ট্ৰাক, ট্ৰেক্টৰ আৰু এখন মহেন্দ্ৰ বলে'ৰ বাহন। দুঘটনাটোত গুৰুতৰভভাৱে আহত হয় মহেন্দ্ৰ বলে'ৰ খনৰ চালক আৰু মহিলা সহ পাঁচগৰাকী যাত্ৰী । জানিব পৰা মতে, এ এছ- 01 -ডি এছ 8543 নম্বৰৰ মহেন্দ্ৰ বলে'ৰ খন ধুবুৰী অভিমুখী মহেন্দ্ৰ বলেৰ'খনৰ এখন ট্ৰেক্টৰৰ সৈতে প্ৰথমতে সংঘৰ্ষ হয়। ইয়াৰ পাচতে বিপৰীত দিশৰ পৰা গৈ থকা এন এল 02 -এন-3700 নম্বৰৰ মালবাহি ট্ৰাক এখনৰ সৈতে সংঘৰ্ষ হয় মহেন্দ্ৰ বলে'ৰ খনৰ। ফলত ভাঙি চুৰমাৰ হৈ পৰা বলে'ৰ খনত থকা শিবাণী দাস , লক্ষ্মী ঘোষ , পমী দাস , ঝাৰনা বশ আৰু গেদা আলী নামৰ চালকজন গুৰুতৰ ভাবে আহত হয় ।
ৰাইজআৰু আৰক্ষীয়ে ততাতৈয়াকৈ আটাইকেজন প্ৰথমতে বগৰিবাৰী আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত আটাইকেইজনক উন্নত চিকিৎসাৰ বাবে পুনৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। একেলগে পাঁচজনকৈ জৰুৰীকালীন অৱস্থাৰ ৰোগী চিকিৎসালয়খনত ভৰ্তি হয় যদিওঁ বহু সময়লৈকে নাহিল চিকিৎসক। অৱশেষত এজন চিকিৎসক আহিল যদিও পৰিয়ালবৰ্গই উন্নত চিকিৎসাৰ বাবে অসম এৰি কোচবিহাৰ লৈ নিবলৈ বাধ্য হয় । উল্লেখযোগ্য যে , সুদীৰ্ঘ দিনৰ পৰা ধুবুৰী অসামৰিক চিকিৎসালয়ত বহু কেইগৰাকী চিকিৎসক আৰু নাৰ্চৰ পথ খালি হৈ আছে যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে । যাৰ ফলত কেৱল কাগজ কলমত চলি থকা ধুবুৰী অসামৰিক চিকিৎসালয়ত একপ্ৰকাৰ মৃত্যু ঘণ্টা বাজিছে।


ABOUT THE AUTHOR

...view details