অসম

assam

ETV Bharat / state

চাপৰত পথ দুৰ্ঘটনাত আহত শিশু - পূৱ বিলাসীপাৰা

পূৱ বিলাসীপাৰাৰ চাপৰৰ নিউ বাছ আস্থানৰ সমীপত পথ দুৰ্ঘটনা ৷ ইটাভৰ্তি বলেৰ’ পিক আপ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত এটি শিশু ৷ দুৰ্ঘটনা সংঘটিত কৰি বাহনখনৰ পলায়ন ৷

road-accident-in-bilashipara
চাপৰত পথ দুৰ্ঘটনাত আহত শিশু

By

Published : May 23, 2021, 9:27 PM IST

পূৱ বিলাসীপাৰা, 23 মে’ : পূৱ বিলাসীপাৰাৰ চাপৰৰ নিউ বাছ আস্থানৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ চাইকেলেৰে গৈ থকা অৱস্থাত ৰাকিবুল ইছলাম নামৰ ৮ বছৰীয়া এটি শিশুক ইটাভৰ্তি এখন বলেৰ’ পিক আপ বাহনে পিছফালৰ পৰা খুন্দিয়াই পলায়ন কৰে ৷

চাপৰত পথ দুৰ্ঘটনাত আহত শিশু

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটিক প্ৰথমতে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : কৰ’ণাৰ মাজতে লাইকা-দধীয়াবাসীৰ সন্মুখত পুনৰ আন এক প্ৰত্যাহ্বান

ABOUT THE AUTHOR

...view details