পূৱ বিলাসীপাৰা, 18 চেপ্টেম্বৰ :শুকুৰবাৰে পূৱ বিলাসীপাৰাৰ চাপৰত এক পথ দুৰ্ঘটনা সংঘটিত হয় । চাপৰৰ ৰৌমাৰীস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰে ঠেলা চালক এজনে গৈ থাকোতে পিছফালৰ পৰা টেম্প এখনে চালকজনক মহতিয়াই নিয়ে বুলি জানিব পৰা গৈছে ।
চাপৰত পথ দুৰ্ঘটনাঃ আহত এক
চাপৰত পথ দুৰ্ঘটনা ৷ টেম্প গাড়ীয়ে মহতিয়াই নিয়ে ঠেলা চালকক ৷ সংকটজনক অৱস্থাত বঙাইগাঁও চিকিৎসালয়লৈ প্ৰেৰণ ৷
চাপৰত পথ দুৰ্ঘটনাঃ আহত এক
ইফালে,দুৰ্ঘটনাত ঠেলা চালক মহম্মদ আলী গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় । আহত মহম্মদ আলীক ততালিকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হৈছে । ইপিনে,দুৰ্ঘটনা সংঘটিত কৰি টেম্পখন ৰাজপথৰ দাঁতিত বাগৰি পৰে ।
লগতে পঢ়ক :শাম কটাৰ দিশে ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত