ধুবুৰী, 24 ফেব্ৰুৱাৰী : ধুবুৰীত বুধবাৰে সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হয় দুগৰাকী বাইক আৰোহী ৷
ঘটনাৰ বিৱৰণ অনুসৰি ধুবুৰীৰ পৰা গোলকগঞ্জ অভিমুখে বাইকেৰে দুই পিতা-পুত্ৰই গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এ এছ ১৭ চি/১৩৭৫ নম্বৰৰ এখন ট্ৰাকে খুন্দা মাৰে ৷ ফলত গুৰুত্বভাৱে আহক হয় বাইক আৰোহী দুই পিতা-পুত্ৰ ৷