অসম

assam

By

Published : Feb 14, 2021, 2:26 PM IST

Updated : Feb 14, 2021, 3:11 PM IST

ETV Bharat / state

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন

দেওবাৰে বিলাসীপাৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ সোণকোষৰ পৰা ️কোকৰাঝাৰ অভিমুখে গৈ থকা শ্ৰমিক কঢ়িয়াই নিয়া বলেৰ' পিক আপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ যাৰ ফলত এগৰাকী মহিলা শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন 15 জন শ্ৰমিক ৷

বিলাসীপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন
বিলাসীপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন

বিলাসীপাৰা,14 ফেব্ৰুৱাৰী:বিলাসীপাৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰবিবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে শ্ৰমিক কঢ়িয়াই নিয়া এখন বলেৰ' পিক আপ বাহন ৷ সোণকোষৰ পৰা ️কোকৰাঝাৰ অভিমুখে গৈ থকা AS-01 DC-3128 নম্বৰৰ বলেৰ' পিক আপ বাহনখনে কঢ়িয়াই নিছিল বহু শ্ৰমিকক ৷ দুৰ্ঘটনাটোত থিতাতে এগৰাকী মহিলা শ্ৰমিক নিহত হোৱাৰ লগতে আহত হয় আন 15 জন শ্ৰমিক ৷ নিহত মহিলা গৰাকী ঘোঘাপাৰা গাঁৱৰ ছকিনা খাতুন (40) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা অতি সংকটজনক ৷ সম্প্ৰতি গুৰুতৰভাৱে আহত দুজনক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক:পদপথত উদ্ধাৰ মানসিক বিকাৰগ্রস্ত লোকৰ মৃতদেহ

Last Updated : Feb 14, 2021, 3:11 PM IST

ABOUT THE AUTHOR

...view details