অসম

assam

ETV Bharat / state

টিপকাই নৈৰ গৰাখহনীয়াত ভেটি-মাটি উছন নৈপৰীয়াৰ - পাৰ্কু পাইন

গৰাখহনীয়া সমস্যাত জৰ্জৰিত ধুবুৰীবাসী ৷ টিপকাই নৈৰ গৰাখহনীয়াত উছন বহু পৰিয়ালৰ ভেটি-মাটি ৷ জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

River Errosion In Dhubri
টিপকাই নৈৰ গৰাখহনীয়াত ভেঁটি-মাটি উছন ধুবুৰীবাসীৰ

By

Published : Nov 22, 2020, 6:20 PM IST

ধুবুৰী, 22 নৱেম্বৰ :ধুবুৰী জিলাৰ মাজেৰচৰ এন চি গাঁৱত বিগত দুমাহৰ পৰাই টিপকাই নৈৰ গৰাখহনীয়াই অঞ্চলবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে । ৰাইজৰ ঘৰ-মাটি নদীৰ বুকুত বিলীন হোৱাৰ ফলত নিৰাপদ স্থান বিচাৰি অন্য অঞ্চললৈ স্থানান্তৰিত হ'ব লগা হৈছে ৷

ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিলে পাৰ্কু পাইন
ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিলে পাৰ্কু পাইন

আনহাতে, অঞ্চলবাসী ৰাইজে দীৰ্ঘদিনৰ পৰাই গৰাখহনীয়া সমস্যাত ভুগি থকাৰ ফলতে স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

ভুক্তভোগী ৰাইজৰ মন্তব্য

উল্লেখ্য যে, ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজেৰচৰ এন চি গাঁওখন নৈৰ বুকুত বিলীন হ'বলৈ গৈ আছে যদিও স্থানীয় বিধায়ক নজৰুল হকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে । যাৰবাবে ৰাইজে জনপ্ৰতিনিধিৰ পৰা ভৰষা বাদ দি নিজৰ গাঁঠিৰ ধন খৰচ কৰি সমস্য সমাধানৰ বাবে আগবাঢ়ি আহিছে ৷ স্থানীয় লোক সকলে নৈৰ পাৰত সমবেত হৈ বাঁহৰ পাৰ্কু পাইনৰ কাম আৰম্ভ কৰিছে । লগতে, ভুক্তভোগী ৰাইজেে স্থানীয় বিধায়ক তথা সাংসদক শীঘ্ৰে সমস্যা সমাধানৰ বাবে দাবী জনাইছে ৷

ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিলে পাৰ্কু পাইন
টিপকাই নৈৰ গৰাখহনীয়াৰ দৃশ্য

লগতে পঢ়ক :কি হ'ব ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ পৰৱৰ্তী সিদ্ধান্ত ?

ABOUT THE AUTHOR

...view details