অসম

assam

বিভাগীয় নিষেধাজ্ঞাৰ পিছতো ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল অব্যাহত

By

Published : Aug 30, 2021, 4:10 PM IST

ভদীয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ শেহতীয়াকৈ ধুবুৰীতো ব্ৰহ্মপুত্ৰৰ জলস্তৰে অতিক্ৰম কৰিছে বিপদসীমা ৷

river-brahmaputra-crossed-the-danger-level-in-dhuburi
বিভাগীয় নিষেধাজ্ঞাৰ পিছতো ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল অব্যাহত

ধুবুৰী,30 জুলাই: লখিমপুৰ, ধেমাজিৰ লগতে ডিব্ৰুগড়, গোলাঘাট, যোৰহাটকে ধৰি ৰাজ্যৰ মুঠ 12 খন জিলাত ভদীয়া বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ ইয়াৰ মাজতে শেহতীয়াকৈ ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে ৷ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ ফলত ব্ৰহ্মপুত্ৰত যাত্ৰীবাহী নাও, কাৰ্গো ব’ট আৰু আন আন সকলো ধৰণৰ নাও চলাচল তৎকালীন ভাৱে প্ৰযোজ্য হোৱাকৈ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগতে বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ পানী ৷ ব্ৰহ্মপুত্ৰৰ স্ৰোত বৃদ্ধি পোৱাৰ লগে ল গে ব্ৰহ্মপুত্ৰত প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা ভাঁহি আহিছে ৷ এনে পৰিস্থিতিত ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনাৰ আশংকাত ধুবুৰী আভ্যন্তৰীণ জলসম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচলত বাধা আৰোপ কৰিছে ৷ কিন্তু কেৱল নামমাত্ৰ নিষেধাজ্ঞা জাৰি কৰিয়েই দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

বিভাগীয় নিষেধাজ্ঞাৰ পিছতো ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল অব্যাহত

কাৰণ বিভাগীয় নিৰ্দেশনাৰ পাছতো বৰ্তমানেও শ শ যাত্ৰী লৈ নাও সমূহে ব্ৰহ্মপুত্ৰৰ বুকুত বিপদ সংকুল যাতায়ত অব্যাহত ৰাখিছে৷ যাৰ বাবে যিকোনো সময়তে অঘটন ঘটাৰ আংশকা ব্যক্ত কৰিছে স্থানীয় সচেতন ৰাইজে ৷

মন কৰিবলগীয়া যে, অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিশেষ ভাৱে তৎপৰ হৈ পৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ৰাজ্যৰ অৰ্ধ নিৰ্মিত মথাউৰি সমূহ তাৎক্ষণিক ভাৱে সম্পূৰ্ণ কৰিবলৈ বিভাগীয় সকলোকে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷ কিন্তু তাৰ পিছতো যেন ৰাজ্যত অনিয়ন্ত্ৰিত বান পৰিস্থিতি ৷ বাৰিষাৰ সময়ত পূৰ্বৰ দৰেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়কঃকলিয়াবৰৰ বানাক্ৰান্তৰ মনৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details