ধুবুৰী,২৭জুন: ইতিমধ্যে ধুবুৰীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী । যোৱা কেইটা দিন ধৰি হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফণ্ডি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু । প্লাবিত হৈছে জিলাখনৰ ন ন অঞ্চল ।
ইফালে বানৰ সমান্তৰালকৈ ধুবুৰীৰ বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যিকোনো মুহুৰ্তত নদীৰ বুকুত বিলিন হোৱাৰ দিশে ধুবুৰীৰ মতিৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ছাগলচৰা প্ৰথম খণ্ডৰ গাওঁখন । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক কালৰূপ ধাৰণ কৰিছে গাঁওখনত । নদীয়ে এফালৰ পৰা খহাই নিছে নদীৰ পাৰত অৱস্থিত বহু পৰিয়ালৰ ঘৰ মাটি ।
ধুবুৰীত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ইতিমধ্যে অঞ্চলটোৰ প্ৰায় চল্লিশ টা পৰিয়ালৰ ঘৰ মাটিকে ধৰি সমস্ত জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । নুৰ ইছলাম, আজিজুল হুছেইন, বাবুল হুছেইন, কচিৰুদ্দিন, আফজাল হক, আজিজুল হক, খাইৰুল হক আদিকে ধৰি প্ৰায় চল্লিশটাকৈ পৰিয়াল হৈ পৰিছে গৃহহীন । সম্প্ৰতি গৃহহীন এইসমূহ পৰিয়ালে আশ্ৰয়ৰ বাবে কৰিব লগা হৈছে হাহাকাৰ ।
ইতিমধ্যে গৰাখহনীয়াই চৰম ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ একমাত্ৰ মথাউৰিটোৰ প্ৰতিও । ধুবুৰীৰ পৰা মতিৰচৰ পঞ্চায়ত হৈ ভাৰত বাংলাদেশ সীমান্তৰ পাটামাৰী পঞ্চায়তলৈকে ঘেৰি আছে এই মথাউৰিটোৱে । বৰ্তমান মথাউৰিৰ পৰা মাত্ৰ ছয়-সাত মিটাৰ দূৰত্বত অৱস্থান কৰিছে মহাবহু ব্ৰহ্মপুত্ৰই । এনে অৱস্থাত পানীৰ চাপ বেছি হোৱাৰ ফলত ভয়ংকৰ ৰূপত গৰাখহনীয়া আৰম্ভ হৈছে । এনেদৰে গৰাখহনীয়া অব্যাহত থাকিলে যিকোনো মুহূৰ্ততে ধুবুৰীৰ এই একমাত্ৰ মথাউৰিটো যিকোনো মুহুৰ্তত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
ধুবুৰীত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ গাঁওখনৰ এনে ভয়াবহ দুৰ্যোগৰ সময়তো জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক নিৰৱ ভূমিকা । প্ৰশাসন আৰু কৰ্তৃপক্ষৰ নীৰৱ ভূমিকা প্ৰত্যক্ষ কৰি মতিৰচৰ পঞ্চায়তৰ তৰফৰ পৰা পৰা প্ৰায় ২০ লাখ টকা ব্যয়ৰ এক আঁচনিৰে মথাউৰিটোক ধৰি ৰখাৰ বাবে বাঁহৰ পাৰকুপাইনৰ ব্যৱস্থা কৰা হৈছে যদিওঁ এয়া যথেষ্ট নহয় বুলি দাবী কৰিলে স্থানীয় ৰাইজে ।
ধুবুৰীত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ উল্লেখ্য যে, মতিৰচৰৰ এই মথাউৰি ব্ৰহ্মপুত্ৰত জাহ গলে সমগ্ৰ ধুবুৰী বিধানসভা সমষ্টিৰ লগতে ভাৰত বাংলাদেশ সীমান্তৰ প্ৰতিওঁ আহিব এক চৰম ভাবুকি । সেয়েহে গৰাখহনীয়া শীঘ্ৰেই প্ৰতিৰোধ নকৰিলে অনাগত দিনত ঐতিহাসিক ধুবুৰী সদৰ চহৰকে ধৰি সমগ্ৰ ধুবুৰী বিধানসভা সমষ্টিকে ধৰি গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰো এক বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা কৰিছে স্থানীয় সচেতন মহলে ।