ধুবুৰী, 2 জুলাই:আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠি পৰি লাগিছে অসম তৃণমূল কংগ্ৰেছে । দেওবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ কৰ্মী সভা ৷ সভাত উপস্থিত আছিল অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ সভাত অংশগ্ৰহণ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে সভাপতি ৰিপুন বৰাই ৷
‘‘খিলঞ্জীয়া কাক কোৱা হয় ! আজিলৈকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব পৰা নাই কিয় ! মুখ্যমন্ত্ৰী হিমন্তই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব পৰিছে নেকি !’’ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা অনুসৰি খিলঞ্জীয়াৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত হৈছে বুলি শাসক পক্ষ দাবী কৰি অহাৰ সময়তে শাসক পক্ষক উভতি ধৰিলে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই ৷ তেওঁ আৰু কয় ‘‘এআইইউডিএফ আৰু বিজেপিৰ মাজত মধূৰ সম্পৰ্ক আছে ৷ এ আই ইউ ডি এফ হৈছে বিজেপিৰ বি টিম । ধৰ্মনিৰপেক্ষতাৰ নামত অসমত ৬৫/৩৫ ৰ অংক কৰি ধৰ্মৰ নামত বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে ৷’’