অসম

assam

ETV Bharat / state

ধুবুৰীত আচনি ৰূপায়নত ব্যাপক অনিময়ঃ পুনৰীক্ষণ কমিটিৰ বৈঠকত উন্মোচন তথ্য - বদৰুদ্দিন আজমল

ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা । (District development Coordination end monitoring committee) ডিষ্ট্ৰিক্ট ডেভলপমেণ্ট কৰ্ডিনেচন এণ্ড মনিটৰিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় মঙ্গলবাৰে । জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ প্ৰসংগত আলোচনা । ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক আৰু জিলা উপায়ুক্তৰ লগতে উপস্থিত থাকে প্ৰতিটো বিভাগৰ বিষয়া সকল ।

review-meeting-at-dhuburi-dc-office
ধুবুৰীত আচনি ৰূপায়নত ব্যাপক অনিময়ঃ

By

Published : Jan 22, 2020, 1:54 PM IST

ধুবুৰী, 22 জানুৱাৰীঃ চলিত নতুন বৰ্ষত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত District development Coordination end monitoring committeeৰ চমুকৈ 'দিশা'ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । কমিটিৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ আৰু বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ কেউজন বিধায়ক উপস্থিত থাকে । উক্ত সভাত কমিটিৰ সদস্য সচিব হিচাপে জিলা উপায়ুক্ত আনন্তলাল জ্ঞানীৰ লগতে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে । পুৱা এঘাৰ বজাৰ পৰা আবেলি চাৰি বজালৈকে অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত জিলা খনৰ শিক্ষা, স্বাস্থ্য, গড়কপ্তানী, কৃষিকে আদিকৰি প্ৰতিটো বিভাগত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু আঁচনিৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰা হয় ।

সভাখনত আন আন বিভাগৰ লগতে বিশেষকৈ কৃষি বিভাগৰ আঁচনি ৰূপায়নত ব্যপক দূৰ্নীতি হোৱা বুলি আলোচনা হয়। কিন্তু কৃষি বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ব্যপক দুৰ্নীতি হোৱা বুলি সাংসদ বিধায়কে অভিযোগ উত্থাপন কৰে । সাংসদ বদৰুদ্দিন আজমল আৰু বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাঁচিমিয়ে উল্লেখ কৰা মতে গৌৰীপুৰৰ এখন গাওঁত আঢ়ৈ শ ভোটাৰ আছে যদিওঁ উক্ত গাঁও খনৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ তালিকাত 12 শৰো অধিক লোকৰ নাম অন্তৰ্ভূক্ত হৈছে । মুঠৰ ওপৰত এইদৰে জিলাখনৰ ভিন্ন প্ৰান্তত হেজাৰ-হেজাৰ ভুৱা হিতাধিকাৰীৰ নাম সোমোৱা হৈছে হিতাধিকাৰীৰ তালিকাত । ইপিনে এই বিষয়ে বিধায়কৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী লৈ এখন প্ৰতিবেদন দাখিল কৰি তদন্তৰ দাবী উত্থাপন কৰা হ'ব বুলি উল্লেখ কৰে আজমলে।

ধুবুৰীত আচনি ৰূপায়নত ব্যাপক অনিময়ঃ

লগতে পঢ়কঃ শ্ৰেণীবৰ্জনৰে CAAৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

ABOUT THE AUTHOR

...view details