ধুবুৰী, 25 অক্টোবৰ :গোৱালপাৰাত মিঞা সংগ্ৰহালয় উদ্বোধন কৰা প্ৰসংগত ধুবুৰীত আটক কৰা হৈছে অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল বাতেনক ( Miya Museum Controversy) ৷ মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্ক অব্যাহত থকাৰ সময়তে অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই ধুবুৰী আৰক্ষীয়ে আব্দুল বাতেন নামৰ আন এজন অৱসৰপ্ৰাপ্ত অধ্যাপকক আজি নিশা আটক কৰিছে (Retired Professor Abdul Baten arrested) ৷
সোমবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীয়ে লাভ কৰা চৰকাৰী আৱাসগৃহত মিঞা মিউজিয়ামৰ আনুষ্ঠানিক উদ্বোধন কৰাৰ পিছৰ পৰাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । তাৰ পিছতেই জিলা প্ৰশাসনে উক্ত বিতৰ্কত মিউজিয়াম স্থাপন কৰা পি এম এ ৱাই ঘৰটো ছিল কৰি দিয়াৰ বিপৰীতে মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক গ্ৰেপ্তাৰ কৰে ।
তাৰ পিছতেই ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ অনুসৰি গৌৰীপুৰ আৰক্ষীয়ে গৌৰীপুৰৰ আলমগঞ্জ অঞ্চলত অৱস্থিত অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল বাতেনক নিজা বাসগৃহৰ পৰা আটক কৰে (Abdul Baten arrested in Mia Museum case)। ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে অসম মিঞা পৰিষদৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷ মিঞা মিউজিয়ামৰ উদ্বোধন কাৰ্য্যসূচীত উপস্থিত আছিল উপ সভাপতি আব্দুল বাতেন।