ধুবুৰী,9 ডিচেম্বৰ : ধুবুৰী জিলাৰ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী । অৱসৰৰ পাচতো তেওঁ এৰি নিদিয়ে তেওঁৰ মৰমৰ চকীখন । 2018 বৰ্ষৰ 28 ফেব্ৰুৱাৰীত উচ্চ বৰ্গৰ সহায়ক পদৰ চাকৰিৰ পৰা অৱসৰ লোৱা চৰকাৰী কৰ্মচাৰী বীৰেন্দ্ৰ কুমাৰ শীলে আজিও জিলিকি আছে একেটা কাৰ্যালয়ৰ একেখন চকীত ।
জিলাখনৰ গোলকগঞ্জ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ বৰবাবু অৰ্থাৎ উচ্চ বৰ্গৰ সহায়ক বীৰেন্দ্ৰ কুমাৰ শীল ৷ যদিও চৰকাৰীভাৱে অৱসৰ লাভ কৰিছে, কিন্তু একেখন চকীত বহিয়েই তেওঁ প্ৰায় তিনিটা বছৰে কৰি আছে চৰকাৰী কাম । চাকৰিৰ পৰা অৱসৰ ল’লেও মোহ এৰিব পৰা নাই এইখন চকীৰ ।
অৱসৰৰ পাচতো চকী এৰি নিদিয়া এজন চৰকাৰী কৰ্মচাৰী উল্লেখ্য যে, এইজন বীৰেন্দ্র কুমাৰ শীলে ধুবুৰী জিলাৰ এজন উচ্চ পদস্থ বিষয়াক মিতিৰালি কৰি কৰ্মচাৰীৰ অভাৱ দেখুৱাই 2000 টকা দৰমহাত পুনৰ নিযুক্তি লাভ কৰিছে। চলিত বৰ্ষত পুনৰ অস্থায়ী নিযুক্তি লাভ কৰিলেও তেওঁ অৱসৰ লোৱাৰ পাচৰ পৰা দুটা বছৰ কিহৰ ভিত্তিত চৰকাৰী কাম কৰিছিল সেয়াই এক উত্তৰবিহীন প্ৰশ্ন হৈ পৰিছে ৷
অৱসৰৰ পাচতো চকী এৰি নিদিয়া এজন চৰকাৰী কৰ্মচাৰী ইফালে অস্থায়ীভাৱে পুনৰ নিযুক্তি লাভ কৰা বীৰেন্দ্ৰ কুমাৰ শীলৰ বিৰুদ্ধে বিভিন্ন কামৰ বাবে লাখ লাখ টকাৰ উৎকোচ লোৱাৰ দৰে উঠিছে আন এক অভিযোগ। অৱশ্যে এই অভিযোগ তেওঁ খণ্ডন কৰে ৷ শীঘ্ৰেই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শীলক আঁতৰাই আন এজন নিবনুৱাক সংস্থাপন দিয়াৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক :আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান