ধুবুৰী, 18 জুলাইঃ ধুবুৰীত এটা ব্যক্তিগত বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ৰাজীৱ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া প্ৰকাশ পোৱাৰ লগতে ঠায়ে ঠায়ে সাব্যস্ত হৈছে প্ৰতিবাদ ৷
দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত শুকুৰবাৰে হাটশিঙিমাৰিত এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী সাংবাদিক সকলে ঘটনাৰ চিবিআই তদন্ত দাবী উত্থাপন হৈছে ৷ আনহাতে ঘটনাত জৰিত জিলা বন বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো জিলা বন বিষয়া বিশ্বজিৎ ৰায়ক গ্ৰেপ্তাৰ নকৰাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷