পশ্চিম বিলাসীপাৰা, 18 জুলাই : বিলাসীপাৰাত শেহতীয়াকৈ সামান্য উন্নত হৈছে বান পৰিস্থিতি ৷ কিন্তু এতিয়াও জলবন্দী হৈ আছে বহু পৰিয়াল ৷ ঠায়ে-ঠায়ে আজিও জীৱ-জন্তুৰে সহাৱস্থান কৰিব লগীয়া হৈছে বন্যাৰ্তই ৷ ইয়াৰ পিচতো চৰকাৰে এই সকল বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ উঠিছে ৷
শুকুৰবাৰে বান বিধ্বস্ত বিলাসীপাৰাৰ একাংশ চৰ গাঁৱত নাৱৰে খাদ্য সামগ্ৰী লৈ উপস্থিত হয় আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ ৷ বিলাসীপাৰা জিলা আমছুৰ সহযোগত যোৱা ছাত্ৰ নেতাজনে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰা জলবন্দী লোক সকলৰ ঘৰে-ঘৰে গৈ কিছু পৰিমাণে খাদ্য সামগ্ৰী বিতৰণ কৰে ৷