অসম

assam

ETV Bharat / state

মৃতদেহ নিজ গৃহলৈ নিয়াত বাধা পশ্চিম বংগ প্ৰসাশনৰ - নশ্বৰ দেহ

হৃদ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুমুখত পৰা পশ্চিম বংগৰ এগৰাকী লোকৰ মৃতদেহ ঘৰলৈ নিয়াৰ পথত বংগ-সীমান্তত বাধা প্ৰদান পশ্চিম বংগ প্ৰশাসনৰ ।

Refuse to send dead body of a dead person to his house by west bengal administration
Refuse to send dead body of a dead person to his house by west bengal administration

By

Published : Apr 29, 2020, 8:19 PM IST

গোলকগঞ্জ, 29 এপ্ৰিলঃএম্বুলেঞ্চত এগৰাকী ব্যক্তিৰ নশ্বৰ দেহ লৈ 17 ঘন্টা ৰৈ থাকিল অসম-বংগ সীমান্তত । উল্লেখ্য যে, পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ নিৱাসী হুছেইন আলী, 24 এপ্ৰিলত অসুস্থ হৈ পৰাত চিকিৎসাধীন হৈছিল জিএমচিএইচত । কিন্তু হৃদ ৰোগত আক্ৰান্ত হোৱা লোকজনৰ মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । কৰ্মসুত্ৰে হুছেইন আলীয়ে আমিনগাৱঁত বাস কৰিছিল ।

পশ্চিম বংগৰ এগৰাকী লোকৰ মৃতদেহ নিজ গৃহলৈ নিয়াত বাধা প্ৰদান বংগ প্ৰসাশনৰ

হুছেইন আলীৰ শৱদেহ অন্তিম বাৰৰ বাবে দৰ্শন কৰিবলৈ তেওঁৰ পত্নীয়ে অনুৰোধ কৰাৰ বাবে শৱদেহ লৈ গুৱাহাটীৰ পৰা এখন এম্বুলেঞ্চেৰে ৰাওনা হৈছিল 3 গৰাকী লোক । কিন্তু অসম-বংগ সীমান্তৰ ছাগলীয়াত 17 ঘন্টা অপেক্ষা কৰাৰ পাছতো পশ্চিম বংগত প্ৰৱেশৰ বাবে বাধা প্ৰদান কৰে বংগ প্ৰশাসনে । ফলত পুনৰ মৃতদেহ লৈ গুৱাহাটীলৈ ৰাওনা হ'বলগীয়া লোক কেইজন ।

লগতে পঢ়কঃভাৰতত COVID-19 আক্ৰান্তৰ শেহতীয়া পৰিসংখ্যা !

ABOUT THE AUTHOR

...view details