পশ্চিম বিলাসীপাৰা, ৬ আগষ্ট: বৃহস্পতিবাৰে বিলাসীপাৰাৰ হৰলটাৰীত এক শোকাৱহ ঘটনা সংঘটিত হয় । বিদ্যুতৰ খুঁটাত উঠি কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে বিপুল নাথ নামৰ শক্তি বিভাগৰ এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে । এই ঘটনাৰ পিছতে বিলাসীপাৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ ফলতে এই শোকাৱহ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে বিভন্ন সংগঠনে ।
বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমছুৰ বিলাসীপাৰা সমিতিৰ নেতাই বিপুল নাথৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনায় । লগতে বিপুল নাথৰ পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি দিয়াৰ দাবী উত্থাপন কৰিছে আমছুৰ নেতৃত্বই । আনহাতে, ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিলাসীপাৰা উপ-সংমণ্ডলৰ অধীনত সঘনাই ঘটি থকা এনে ঘটনা সন্দৰ্ভত বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । লগতে বিপুল নাথৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায় ।