অসম

assam

তৃতীয় বড়ো শান্তি চুক্তিঃ তীব্ৰ ক্ষোভ অবড়ো সমাজৰ

By

Published : Jan 27, 2020, 11:32 PM IST

দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিটিচি প্ৰশাসন আৰু বড়ো সশস্ত্ৰ সংগঠনৰ নেতৃত্বই তৃতীয়খন বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগেই সাময়িকভাৱে অন্ত পৰিল বড়োসকলৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ৷ কিন্তু বড়োভূমিৰ কেইবাটাও জাতীয় সংগঠনে ইয়াক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷

Reaction on BTR agreement by Non Bodos
তৃতীয় বড়ো শান্তি চুক্তিঃ তীব্ৰ ক্ষোভ অবড়ো সমাজৰ

গুৱাহাটী, 27 জানুৱাৰীঃ অৱশেষত স্বাক্ষৰিত হ’ল তৃতীয়খন বড়ো শান্তি চুক্তি ৷ সোমবাৰে অৰ্থাৎ 27 জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ তথা বিটিচি প্ৰশাসনৰ উপস্থিতিত সশস্ত্ৰ বিদ্ৰোহী সংগঠন নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰন্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ সৈতে এক চুক্তি স্বাক্ষৰিত হয় ৷ এই ত্ৰি-পাক্ষিক চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এনডিএফবিৰ চাৰিওটা গোটৰ শীৰ্ষ নেতৃত্ব, নিখিল বড়ো ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰ ৷ এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত বিভিন্ন মহলৰ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ ৷ বড়ো চুক্তিক জনবিৰোধী আৰু অসাংবিধানিক বুলি আখ্যা বড়োভূমিৰ 6 টাকৈ সংগঠনৰ ৷ এই চুক্তিখনে পৰৱৰ্তী সময়ত পৃথক ৰাজ্য গঠনৰ পথ মুকলি কৰিছে আৰু বড়োভূমিৰ অবড়ো লোকসকলে এই চুক্তি কেতিয়াও মানি নলয় বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে এই চুক্তিখনৰ স্বাক্ষৰ হোৱাৰ পূৰ্বে বড়োভূমিত বসবাস কৰা অবড়োসকলৰ সৈতে কোনোধৰণৰ আলোচনা হোৱা নাই বুলিও উল্লেখ কৰে ৷ এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত বড়োভূমিৰ 6টা অবড়ো সংগঠনে সোমবাৰে এক সংবাদমেল সম্বোধন কৰি বড়োভূমিৰ 72 শতাংশ লোকক বাদ দি এই চুক্তি স্বাক্ষৰিত হোৱা বুলিও উল্লেখ কৰে ৷

বড়োভূমিৰ 6 টাকৈ সংগঠনৰ তৃতীয়খন বড়ো শান্তি চুক্তিৰ পিচত সংবাদমেল

ইয়াৰ পূৰ্বে 2003 চনত স্বাক্ষৰিত হোৱা চুক্তিৰ সময়তো বড়োভূমিত বসবাস কৰা অবড়োসকলৰ সকলো অধিকাৰ পূৰ্বৰ দৰেই থাকিব বুলি কোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত অবড়োসকলৰ অধিকাৰ খৰ্ব হৈছে বুলিও উল্লেখ কৰি এই চুক্তিখনে অবড়োসকলৰ সকলো অধিকাৰ আৰু অধিক খৰ্ব কৰিব বুলিও মন্তব্য কৰে সংগঠনৰ নেতৃবৰ্গই ৷ এই চুক্তিখনৰ জৰিয়তে বড়োভূমিত বসবাস কৰা অবড়োসকলৰ ভূমিৰ অধিকাৰো কাঢ়ি নিয়া হ'ব বুলি সন্দেহ প্ৰকাশ কৰিছে অবড়োসকলে । সংগঠনকেইটাৰ নেতৃবৰ্গই লগতে কয় যে যদি এইখন শান্তি চুক্তি তেন্তে এই চুক্তিত সকলোৰে মতামতৰ প্ৰয়োজন আছে ৷ চৰকাৰে বড়োভূমিৰ সকলো অবড়ো সংগঠনৰ মতামত গ্ৰহণ কৰি এই চুক্তিখনে কৰিলে আমি এই চুক্তিক আদৰণি জনোৱোৰ থল আছিল ৷ চৰকাৰে পুনৰ বিবেচনা কৰি সকলোৰে মতামত গ্ৰহণ কৰি এই চুক্তি নতুনকৈ স্বাক্ষৰ কৰাৰ বাবে আহ্বান সংগঠনকেইটাৰ । উল্লেখ্য যে অবড়োসকলে একপক্ষীয় চুক্তিৰ সদায় বিৰোধিতা কৰি যাব আৰু ইতিমধ্যে এই চুক্তিৰ বিৰোধিতা কৰি বড়োভূমিত কেইবাটাও দল-সংগঠনে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰিছে ৷

গুৱাহাটীঃ এই নতুন বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পিচত প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইৰ ৷ এই চুক্তিয়ে বড়োভূমিত দীৰ্ঘদিন ধৰি চলি থকা সশস্ত্ৰ আন্দোলনক মাত্ৰা প্ৰদান কৰি ইয়াৰ অন্ত পেলাবলৈ সক্ষম হোৱাটোক আদৰণি জনায় সম্পাদকগৰাকীয়ে ৷ কিন্তু এটা জনগোষ্ঠীৰ নামত বড়োভূমিত বাস কৰা অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহক উপহাস কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য পলাশ চাংমাইৰ ৷ সকলো জনগোষ্ঠীৰ উন্নয়ন হ'ব পৰাকৈ চৰকাৰক ব্যৱস্থা কৰিবলৈ দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অবড়োসকলে দীৰ্ঘদিন ধৰি ভূগি অহা বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি সৰৱ হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকী । ইফালে চৰকাৰে গণতান্ত্ৰিক আন্দোলনকাৰীসকলক গুৰুত্ব নিদি সশস্ত্ৰ পন্থাৰে আন্দোলন চলোৱাসকলৰ দাবী মানি লোৱা কাৰ্যত ক্ষোভ ব্যক্ত কৰে পলাশ চাংমাই ।

তৃতীয়খন বড়ো শান্তি চুক্তিৰ পলাশ চাংমাইৰ পিচত

জনিয়াঃ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰো বড়ো চুক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ কলগাছিয়া জিলা আমছুৰ উদ্যোগত জয়পুৰ-চিকাটাৰীত শিক্ষা, বাল্য-বিবাহ আৰু সামাজিক কু-সংস্কাৰৰ লগতে এনআৰচি আৰু নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত অনুষ্ঠিত এক সজাগতা সভাত ইয়াৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমছুৰ সভাপতি গৰাকীয়ে । বিটিচি গঠনৰ দৰে বিটিআৰ গঠনৰ সময়তো 22 লক্ষ অনাবড়োক অন্ধকাৰত ৰখা হৈছে বুলি উল্লেখ কৰে ৷ যাৰ বাবে তেওঁলোকে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ লগতে বিভিন্ন সময়ত ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈ আহিছে । আনহাতে বিটিআৰ কাৰ্যকাৰী কৰাৰ পূৰ্বে চৰকাৰে অনাবড়োৰ লগত আলোচনা কৰি সম অধিকাৰ প্ৰদান ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰে । অন্যথা বড়োভূমিত থকা 22 লক্ষ অনাবড়োৰ বাবে সমগ্ৰ অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব বুলিও ভাবুকি প্ৰদান কৰে ৷

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰো বড়ো চুক্তিক লৈ প্ৰতিক্ৰিয়া

চাপৰঃ স্বাক্ষৰিত হোৱা তৃতীয়খন বড়ো চুক্তিৰ পিচতে চাপৰত আক্ৰাছুৰ সংবাদমেল ৷ এই চুক্তিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৷ সশস্ত্ৰ সংগঠন এনডিএফবিৰ লগত হোৱা কেন্দ্ৰীয় চৰকাৰৰ বিটিআৰ চুক্তিক কোনোপধ্যে মানি নলয় আক্ৰাছুই ৷ হাতত অস্ত্ৰ তুলি ল’বলৈও সাজু বুলি ঘোষণা কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷ কাৰণ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বন্দুকৰ ভাষাহে বুজি পায় । গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায় এইখন চৰকাৰে বুলিও উল্লেখ কৰে ৷ এই চুক্তি কেতিয়াও মানি লোৱা নহয় বুলি উল্লেখ কৰে ৷

তৃতীয়খন বড়ো চুক্তিৰ পিচতে চাপৰত আক্ৰাছুৰ সংবাদমেল

আৰু পঢ়কঃবড়ো চুক্তিক লৈ বড়ো ভূমিত আনন্দৰ বন্যা

ABOUT THE AUTHOR

...view details