অসম

assam

ETV Bharat / state

সোমবাৰে ধুবুৰীৰ 5টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

ধুবুৰী লোকসভাৰ পাঁচটা ভোটকেন্দ্ৰত সোমবাৰে পুনৰ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ । ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰকেইটালৈ ৰাওনা প'লিং আৰু প্ৰিজাইডিং বিষয়াসকল ।

By

Published : May 5, 2019, 8:22 PM IST

ধুবুৰীত সোমবাৰে 5 ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

ধুবুৰী,5মে': সোমবাৰে ধুবুৰী লোকসভা সমষ্টিৰ পাঁচটাকৈ ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ । দেওবাৰে ধুবুৰীৰ দুটা ভোটকেন্দ্ৰৰ লগতে দক্ষিণ শালমাৰা মানকাচৰৰ তিনিটাকৈ ভোট কেন্দ্ৰলৈ ৰাওনা হয় পলিং আৰু প্ৰিজাইডিং বিষয়াসকল ।

ধুবুৰীত সোমবাৰে 5 ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

ইয়াৰে ধুবুৰী বিধানসভা সমষ্টিৰ বাণী বিদ্যামন্দিৰ এল পি স্কুল ( সোঁফাল ) আৰু গোলকগঞ্জ সমষ্টিৰ নৱ ভাৰত পাঠশালা হাই স্কুল, মানকাচৰ সমষ্টিৰ বাউসকাটা এম ই মাদ্ৰাছা (বাওঁফাল), দক্ষিণ শালমাৰা সমষ্টিৰ কাঠলিপৰা এম ই মাদ্ৰাছা আৰু লাওখোৱা এলপি স্কুল ভোটকেন্দ্ৰত সোমবাৰে পুৱা সাত বজাৰ পৰা আবেলি পাঁচ বজালৈ অনুষ্ঠিত হ'ব পুনৰ ভোটগ্ৰহণ । উল্লেখ্য যে প্ৰিজাইডিং বিষয়া আৰু মকপলৰ খেলিমেলিৰ বাবে নিৰ্বাচন আয়োগে উল্লেখিত ভোটকেন্দ্ৰকেইটাত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ABOUT THE AUTHOR

...view details