পূৱ বিলাসীপাৰা, 20 ছেপ্টেম্বৰ:পুষ্টিহীনতা মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে শনিবাৰে দিন জোৰা কাৰ্যসূচীৰে পূৱ বিলাসীপাৰাৰ চাপৰত ৰাজহ চক্ৰৰ অধীনত পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ 2020(Rastriya Poshan maah)। চাপৰ-শালকোচা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ অঙ্গনাবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাৰ উদ্যোগত পালন কৰা হয় এই পোষণ মাহৰ অনুষ্ঠান ৷
উল্লেখ্য যে, অঙ্গনাবাড়ী কেন্দ্ৰ সমূহৰ অন্তৰ্গত গাঁও অঞ্চলৰ পুষ্টিহীনতাত ভুগি থকা প্ৰতিগৰাকী শিশুক চিনাক্তকৰণ কৰি স্বাস্থ্য সন্মত বিধান আৰি পুষ্টি যোগান ধৰাই পোষণ মাহৰ লক্ষ্য । লগতে প্ৰতিখন গাঁৱতে একোখনকৈ পোষণ বাগিচা তৈয়াৰ কৰি সতেজ শাক পাচলি, ফল মুল ৰোপনৰ ব্যৱস্থা গ্ৰহন কৰি ইয়াৰ প্ৰতি গঞা লোক সকলক সজাগ কৰি তোলাৰ লক্ষ্য গ্ৰহণ কৰে উদ্যোক্তাই ।