ধুবুৰী, ২৯ জুনঃ গোলকগঞ্জৰ হালাকুৰাত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হ'ল আৰক্ষীৰ দ্বাৰা ৷ নিজ পিতৃয়ে বলাৎকাৰ কৰিলে নিজ সন্তানক ।
গোলকগঞ্জত পুলিচ পিতৃৰ হাতত সন্তান ধৰ্ষিতা
হালাকুৰাৰ পাষণ্ড আৰক্ষী পিতৃয়ে নিজ সন্তানক বলাৎকাৰ কৰি ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল । পিতৃৰ নামত কালিমা সানিলে আৰক্ষীত কৰ্মৰত এজন কনিষ্টবল । পাষণ্ড কনিষ্টবল জনৰ নাম আফজাল হক । ইতিমধ্যে আৰক্ষীয়ে লম্পট আফজলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে |
হালাকুৰাৰ পাষণ্ড আৰক্ষী পিতৃয়ে নিজ শিশুক বলাৎকাৰ কৰি ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ল । পিতৃৰ নামত কালিমা সানিলে আৰক্ষীত কৰ্মৰত এজন কনিষ্টবলে । পাষণ্ড কনিষ্টবল জনৰ নাম আফজল হক । উল্লেখ্য যে, কিশোৰীজনী আফজলৰ প্ৰথম পত্নীৰ সন্তান বুলি জানিব পৰা গৈছে । সন্তানক বলাৎকাৰ কৰি মাকক নজনাবলৈ আফজলে দিছিল ভয় ভাবুকি | কিন্তু কিশোৰীজনীয়ে সুযোগ বুজি মাহীমাকক গোপনে শুনালে কৰুণ কাহিনী | অৱশেষত সকলো ঘটনা ফাদিল হোৱাত কিশোৰী জনীৰ পৰিয়ালে হালাকুৰা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰে । ইতিমধ্যে আৰক্ষীয়ে ৭২৬/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি লম্পট আফজলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে |
লগতে আন এটা বাতৰি - গুৱাহাটী মহানগৰীত নিৰুদ্দেশ মহিলা