ধুবুৰী, 19 এপ্ৰিল :তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছে মন্ত্ৰী ৰঞ্জিত দত্ত ৷ ধুবুৰীৰ কালাহাট গাঁও পঞ্চায়তৰ সন্মুখত এখন নিৰ্বাচনী সভাত অংশ লয় সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ৷ এই নিৰ্বাচনী সভাতেই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ৷ ধুবুৰীত জাবেদ ইছলামে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি লোকসভালৈ নিৰ্বাচিত হোৱাত কোনো সন্দেহ নাই বুলিও জনসভাত উল্লেখ কৰে দত্তই ৷
ধুবুৰীত জাবেদ ইছলামৰ হৈ প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ - assam election
ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰত নামিছে মন্ত্ৰীগৰাকী ৷
ধুবুৰীত জাবেদ ইছলামৰ হৈ প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ
উল্লেখ্য যে, এই জনসভাতেই কংগ্ৰেছ-এ আই ইউ ডি এফ এৰি বিজেপিত যোগদান কৰে শতাধিক দলীয় সদস্যই ৷ ইপিনে সংবাদ মাধ্যমৰ আগত সংখ্যালঘু লোক বিজেপি দলত যোগদান কৰাটো এক শুভ লক্ষণ বুলি কৈ জাবেদ ইছলাম জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰাৰ বিপৰীতে আজমলৰ সৈতে মূল যুজঁ হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।