ধুবুৰী, 19 জুলাই :ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Das) দেওবাৰে, 'মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি' (Chief Minister's COVID 19 Widows Support Scheme)ৰ অধীনত জিলাখনৰ আঠগৰাকী স্বামীহাৰা মহিলাক আঢ়ৈ লাখ টকাকৈ চেক প্ৰদান কৰে ৷ ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত অন্বামুথন এম পি সহিতে আন আন বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে চেক সমূহ বিতৰণ কৰে ৷ একাংশ মহিলাই চেক হাতত লৈ মন্ত্ৰীগৰাকীৰ ভৰিত ধৰি হুকহুকাই কান্দি উঠাও পৰিলক্ষিত হয় ।
চেক বিতৰণৰ পূৰ্বে ক’ভিডে আপোনজনক কাঢ়ি নিয়া বিধৱা মহিলাসকলক উদেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, মহিলাসকলে যাতে মনোবল নেহেৰুৱাই ৷ অসম চৰকাৰ তেওঁলোকৰ থকা বুলি উল্লেখ কৰি তেওঁ কয় তেওঁলোকৰ প্ৰতি শাসনাধিস্থিত চৰকাৰৰ শ্ৰদ্ধা আৰু মৰমৰ চিন হিচাপে ধনৰাশি আগবঢ়োৱা হৈছে ৷ নিজৰ সন্তানক সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিবৰ বাবেও ৰণজিৎ দাসে মহিলা সকলক আহ্বান জনায় ৷