অসম

assam

ETV Bharat / state

কংগ্ৰেছ নেতাৰ সন্মুখতে ৰাহুল গান্ধীক সমালোচনা ৰণজিৎ কুমাৰ দাসৰ - কংগ্ৰেছ দল এখন মহাসাগৰ

এক অনুষ্ঠানত কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ সন্মুখতে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিলে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । কিন্তু তাৰ প্ৰত্যুত্তৰত কি ক'লে ৱাজেদ আলী চৌধুৰীয়ে ।

Ranjit Das criticizes Rahul Gandhi
কংগ্ৰেছ নেতাৰ সন্মুখতে ৰাহুল গান্ধীক সমালোচনা ৰঞ্জিত দাসৰ

By

Published : Aug 17, 2021, 5:41 PM IST

ধুবুৰী,১৭ আগষ্ট :কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ (Wazed Ali Choudhury) সন্মুখতে ৰাহুল গান্ধীক সমালোচনা কৰিলে বিজেপি নেতা তথা মন্ত্ৰী ৰঞ্জিত দাসে (Ranjit Das) । কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ পদত্যাগ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ৰণজিৎ দাসে কয় যে, ৰাহুল গান্ধীৰ (Rahul Gandhi) দৰে নেতাই কংগ্ৰেছক নেতৃত্ব দিয়াৰ বাবেই কংগ্ৰেছত গৰাখহনীয়া আৰম্ভ হৈছে । কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীৰ কাষত বহিয়েই এনেদৰে ৰাহুল গান্ধীক সমালোচনা কৰে ৰণজিৎ দাসে ।

কংগ্ৰেছ নেতাৰ সন্মুখতে ৰাহুল গান্ধীক সমালোচনা ৰঞ্জিত দাসৰ

লক্ষণীয়ভাৱে সকলো কথা মুখ বন্ধ কৰি শুনি থাকিল ৱাজেদ আলী চৌধুৰীয়ে । অৱশ্যে পৰৱৰ্তী সময়ত ৰণজিৎ দাসৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে । প্ৰতিক্ৰিয়া স্বৰূপে ৱাজেদ আলী চৌধুৰীয়ে কয় যে, কংগ্ৰেছক সবল নেতৃত্ব দি আহিছে ৰাহুল গান্ধীয়ে । তাক কোনো কংগ্ৰেছ নেতা-কৰ্মীয়ে অস্বীকাৰ নকৰে ।

ৰাহুল গান্ধীৰ বাবে কংগ্ৰেছত গৰাখহনীয়া আৰম্ভ হোৱা নাই বুলিও কয় কংগ্ৰেছ বিধায়কগৰাকীয়ে । তেওঁৰ মতে একাংশ কংগ্ৰেছ নেতাৰ ধৈৰ্য্য কম যাৰ বাবে এনেদৰে দল বাগৰিছে ।

তেওঁৰ মতে কংগ্ৰেছ দল এখন মহাসাগৰ । আনহাতে এক বাল্টি পানী কমিলেও ইয়াৰ ক্ষতি একো নহয় । নিজৰ স্বাৰ্থ আৰু ক্ষমতাৰ বাবে একাংশই দল ত্যাগ কৰিছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে । মহিলা কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ দল ত্যাগ কৰা সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ কংগ্ৰেছত বহুত দুৰ্দিন দেখিছে কিন্তু এতিয়া সেই দুৰ্দিন নাই বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে । উল্লেখ্য যে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল দুয়োগৰাকী নেতা । য'ত সাংবাদিকে সুস্মিতা দেৱৰ (Sushmita Dev) পদত্যাগ সন্দৰ্ভত প্ৰশ্ন কৰিছিল দুয়োগৰাকী নেতাক ।

লগতে পঢ়ক :মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

ABOUT THE AUTHOR

...view details