ধেমাজি, 18 জুনঃ সঞ্জীৱ দাস নামৰ এজন কাঠৰ ব্যৱসায়ীৰ পৰা ৫৫ হাজাৰ টকাৰ উৎকোচ লোৱাৰ বাবদ গাড়ী এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে জোনাইৰ বন সংৰক্ষক ফকৰুল ইছলামৰ বিৰুদ্ধে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কানিবিলত টকা লোৱাৰ পিচতেই দুৰ্নীতি নিবাৰণ শাখাই কৰায়ত্ব কৰে বন সংৰক্ষক গৰাকীক ৷ কিন্তু আটকাধীন অভিযুক্ত ফকৰুল ইছলামে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে বুলি উল্লেখ কৰে ৷
উৎকোচ লোৱাৰ অভিযোগত কৰায়ত্ব বন সংৰক্ষক - জোনাইৰ বন সংৰক্ষক ফকৰুল ইছলাম
বৃহস্পতিবাৰে ধেমাজিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্নীতি নিবাৰণ শাখাই কৰায়ত্ব কৰে ধেমাজিৰ বন সংৰক্ষক ফকৰুল ইছলামক ৷ ৫৫ হাজাৰ টকাৰ উৎকোচ লৈ গাড়ী এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে জোনাইৰ বন সংৰক্ষক গৰাকীৰ বিৰুদ্ধে ৷
ranger arrested in dhemaji for corruption
ৰেঞ্জাৰ ফকৰুল ইছলামৰ সৈতে সমগ্ৰ ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰণ শাখা লোকে ৷ উল্লেখ্য যে, পূৰ্বতেও ৩ লাখ টকা বিচৰাৰ দাবী উত্থাপন হৈছিল অভিযুক্ত ফকৰুল ইছলামৰ বিৰুদ্ধে ৷
লগতে পঢ়কঃবকোত জব্দ তিনিখনকৈ কাঠভৰ্তি মিনি ট্ৰাক