অসম

assam

ETV Bharat / state

ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰম্ভ হ'ল ৰেণ্ডম টেষ্ট - ধুবুৰী

চাপৰ,বিলাসীপাৰা আৰু ধুবুৰীৰ পৰা প্ৰত্যেকটো অঞ্চলৰ পৰা ৫০ জনকৈ মুঠ ১৫০ জন ব্যক্তিৰ ৰেণ্ডম টেষ্ট কৰা হয় । পুৰুষ মহিলা শিশুসহ দুই শতাধিক লোকৰ ৰেণ্ডম টেষ্ট কৰাৰ পিছত তেওঁলোকক নিজ নিজ ঘৰলৈ যাব দিয়ে প্ৰশাসনে ।

ETV BHARAT
ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰম্ভ হ'ল ৰেণ্ডম টেষ্ট

By

Published : Apr 26, 2020, 5:22 PM IST

বিলাসীপাৰা, 26 এপ্ৰিলঃ ধুবুৰী জিলাত দেওবাৰৰ পৰা আৰম্ভ ৰেণ্ডম টেষ্ট । জিলাখনৰ চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হয় এই ৰেণ্ডম টেষ্ট ৷

ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰম্ভ হ'ল ৰেণ্ডম টেষ্ট

মহামাৰী ক'ৰণা ভাইৰাছ ৰোধৰ বাবে দেওবাৰৰ পৰা ধুবুৰী জিলাত আৰম্ভ হৈছে ৰেণ্ডম টেষ্টৰ। চাপৰ,বিলাসীপাৰা আৰু ধুবুৰীৰ পৰা প্ৰত্যেকটো অঞ্চলৰ পৰা ৫০ জনকৈ মুঠ ১৫০ জন ব্যক্তিৰ ৰেণ্ডম টেষ্ট কৰা হয়। ধুবুৰী জিলাৰ চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হয় ৷ আনহাতে, ৫০ জন লোকৰ বিভিন্ন নমুনা পৰীক্ষা কৰে চিকিৎসা বিভাগে ৷ উক্ত অনুষ্ঠানত স্বাস্থ্য কৰ্মী,শাক পাচলিৰ ব্যৱসায়ী উপৰিও ক'ৰণা ভাইৰাছত আক্ৰান্ত জামাল উদ্দিন নামৰ লোকজনৰ ঘৰৰ চৌপাশৰ লোক সকলৰো নমুনা লোৱাৰ ব্যৱস্থা কৰে । ইফালে,বিভিন্ন জিলাৰ পৰা অহা লোকসকলক চাপৰৰ বহলপুৰত পুৱাৰে পৰা স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ তৎপৰতাত স্বাস্থ্য পৰীক্ষা কৰে । পুৰুষ মহিলা শিশুসহ দুই শতাধিক লোকৰ ৰেণ্ডম টেষ্ট কৰাৰ পিছত তেওঁলোকক নিজ নিজ ঘৰলৈ যাবলৈ দিয়ে প্ৰশাসনে ।

লগতে পঢ়ক- কৰিমগঞ্জত অনুপ্ৰৱেশ বাংলাদেশী নাগৰিকৰ

ABOUT THE AUTHOR

...view details