ধুবুৰী,27 নৱেম্বৰঃ বিলাসীপাৰাত ৰে'ল পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ ধন প্ৰদানৰ নামত ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন | নিউ ময়নাগুৰি-যোগীঘোপা ৰে'ল পথ নিৰ্মাণৰ নামত ৰে'ল পথ নিৰ্মাণকাৰী সংস্থা M K Engineering য়ে এডোখৰ ভূমি অধিগ্ৰহণৰ বাবে বল পূৰ্বক চেষ্টা অব্যাহত ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে |
ভূমি অধিগ্ৰহণৰ ধন প্ৰদানৰ নামত ধুবুৰীত কেলেংকাৰী - dhubri railline requisition
নিউ ময়নাগুৰি-যোগীঘোপা ৰে'ল পথ নিৰ্মাণৰ নামত ৰে'ল পথ নিৰ্মাণকাৰী সংস্থা M K Engineering য়ে এডোখৰ ভূমি অধিগ্ৰহণৰ বাবে বল পূৰ্বক চেষ্টা অব্যাহত ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে
উল্লেখ্য যে, বিলাসীপাৰাৰ হাকামা ৩য় খণ্ড গাঁৱত ৰে'ল পথ নিৰ্মাণৰ ভূমি অধিগ্ৰহণৰ নামত নিৰ্মাণকাৰী সংস্থাৰ মইমতালিৰ অভিযোগ স্থানীয়ৰ | অধি গ্ৰহন কৰা ২ বিঘা মাটি আৰু মাটি ডোখৰত থকা গছ-গছনিৰ মূল্য আদায় নিদিয়া কৈ ৰে'লপথ নিৰ্মাণৰ বাবে উঠিপৰি লাগিছে নিৰ্মাণকীৰী সংস্থা M K ইঞ্জিনিয়াৰিঙে | গাঁও খনৰ আম্বিয়া বিবিৰ নামৰ মহিলা গৰাকীৰ নামত থকা ৮১/৭১ দাগ নম্বৰৰ তথা ৪৮ নম্বৰ পাট্টাৰ দুই বিঘা ভূমি ৰে'ল পথ নিৰ্মাণৰ নামত ধুবুৰী জিলা প্ৰশাসনে অধিগ্ৰহন কৰে | সেই মতে প্ৰশাসনে মাত্ৰ ২ কটা ১০ লেছা ভূমিৰ মূল্য মহিলা গৰাকীক চমজাই দিয়ে | কিন্তু বাকী ভূমিৰ ধন জিলা প্ৰশাসনে কোনো ধৰণৰ আদায় দিয়াৰ ব্যৱস্থাৰ পৰিৱৰ্তে ভূমি ডোখৰত ৰে'ল পথ নিৰ্মাণৰ বাবে উঠিপৰি লাগিছে বুলি ভূমি ডোখৰৰ গৰাকীয়ে অভিযোগ তোলে | ধুবুৰী জিলা প্ৰশাসনৰ লগতে ৰে'ল পথ নিৰ্মাণকাৰী সংস্থাটোই ভূমি ডোখৰৰ গৰাকীক ভূমি এৰি দিয়াৰ বাবে হেচা প্ৰয়োগ কৰি অহাত হতাশাত ভুগিছে দুৰ্ভগীয়া পৰিয়ালটোই | সেয়ে বাকী থকা ভূমিৰ মূল্যৰ লগতে ভূমি ডোখৰত থকা গছ গছনিৰ মুল্য আদায় নিদিয়া লৈ ৰে'ল নিৰ্মাণৰ কামত বাধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে | এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে চৰকাৰক সু-ব্যৱস্থা গ্ৰহণৰ আবেদন জনাই পৰিয়ালটোৱে ৷
আৰু পঢ়কঃ নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত গ্ৰাহকৰ ৰূপত বনৰীয়া হাতী