ধুবুৰী,২৪ ফেব্ৰুৱাৰী:নিৰ্বাচন অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো দলে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । ৰাষ্ট্ৰীয় দল সমূহৰ লগতে আঞ্চলিক দলসমূহেও লৈছে বিভিন্ন পদক্ষেপ । ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে নতুনকৈ গঠিত 'ৰাইজৰ দলে' ধুবুৰী জিলাত উদ্বোধন কৰিলে দলৰ জিলা কাৰ্যালয় । কাৰ্যালয়টো উদ্বোধন কৰি 'ৰাইজৰ দল'ৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলৰ জৰিয়তে আশ্ৰাফুল ইছলামে তীব্ৰ ভাষাৰে গৰিহণা বিজেপি চৰকাৰ লগতে কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফক । বিজেপি বা কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফৰ বিকল্প হিচাপে অসমবাসীয়ে ২০২১ চনত একত্ৰিত আঞ্চলিক শক্তিৰ এখন চৰকাৰ বিচাৰিছে বুলি উল্লেখ কৰে 'ৰাইজৰ দল'ৰ নেতাগৰাকীয়ে । ধুবুৰী জিলাৰ পৰা আৰম্ভ কৰি উজনিলৈকে ৰাষ্ট্ৰীয় দল উৎখাত কৰা হ'ব বুলিও দাবী কৰে আশ্ৰাফুল ইছলামে ।
ধুবুৰীত মুকলি 'ৰাইজৰ দল'ৰ জিলা কাৰ্যালয় - as10041
ধুবুৰীত 'ৰাইজৰ দল'ৰ জিলা কাৰ্যালয় শুভ উদ্বোধন কৰি সংবাদমেল সম্বোধন কৰে 'ৰাইজৰ দল'ৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামে। বিজেপিৰ লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা নেতাগৰাকীক । অখিল গগৈ প্ৰসংগতো বিজেপি চৰকাৰক সমালোচনা কৰি মুকলি প্ৰত্যাহ্বান জনাই আশ্ৰাফুল ইছলামে ।
ধুবুৰীত মুকলি 'ৰাইজৰ দল'ৰ জিলা কাৰ্যালয়
নেতাগৰাকীৰ অভিযোগ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে অখিল গগৈক ভয় কৰে যাৰ বাবে কৃষক নেতাগৰাকীক কাৰাবন্দী কৰি ৰাখিছে । অখিল গগৈক মুক্তি দিয়া নহ'লে কাৰাবন্দী অৱস্থাতেই নেতাগৰাকীয়ে নিৰ্বাচন খেলিব বুলি উল্লেখ কৰাৰ লগতে বিজেপিয়ে ষড়যন্ত্ৰ ভাৱে তেওঁক কাৰাগাৰত সোমাই ৰখাৰ অভিযোগ তোলে আশ্ৰাফুল ইছলামে ।