ধুবুৰী,12 জুনঃ ইণ্ডিয়া বুক অফ ৰেক'ৰ্ডছ আৰু এছিয়া বুক অফ ৰেক'ৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ধুবুৰীৰ এগৰাকী বিশেষ চিত্ৰশিল্পী ৷ নাম ৰাহুল পাৰেক ৷ ধুবুৰী চহৰৰ 7 নম্বৰ ৱাৰ্ডৰ ভাড়া ঘৰত থকা তেজা পাৰেক আৰু সংগীতা পাৰেকৰ পুত্ৰ ৰাহুল পাৰেক ৷ মেধা সম্পন্ন ছাত্ৰ ৰাহুল পাৰেক গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ ৷
কিন্তু অধ্যয়নৰত অৱস্থাতেই ৰাহুল পাৰেক এতিয়া দেশজুৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কাৰণ ৰাহুলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সুধাকণ্ঠ ভূপেন হাজৰিকা,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অভিনেতা অক্ষয় কুমাৰ,ক্ৰিকেটাৰ বিৰাট কোহলিকে আদি কৰি বিভিন্নজন জনপ্ৰিয় ব্যক্তি ৷
মেধা সম্পন্ন ছাত্ৰ ৰাহুলে কম্পিউটাৰৰ ডেস্কবোৰ্ডৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন চিত্ৰ অংকণ কৰি মুখ্যমন্ত্ৰীগৰাকীক উপহাৰ দি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ তাৰ পিছৰে পৰা আৰম্ভ হ'ল ৰাহুলৰ যাত্ৰা ৷ মোবাইলৰ পেলনীয়া সমগ্ৰীৰে ক্ৰিকেটাৰ বিৰাট কোহলি আৰু বলিউডৰ চুপাৰ ষ্টাৰ অক্ষয় কুমাৰৰ আকৰ্ষণীয় ছবি অংকণ কৰে ৰাহুলে ৷ ফলত খেল জগত আৰু বলিউড জগতৰ পৰাও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰাহুলে।