ধুবুৰী,১৮মাৰ্চঃ ধুবুৰীত সোমবাৰে নিৰ্বাচন কেন্দ্ৰিক কুইজ প্ৰতিযোগিতা । ধুবুৰী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে বিভিন্ন শিক্ষানুষ্ঠান মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে । ধুবুৰী ভোলানাথ মহাবিদ্যালয়, বিলাসিপাৰা মহাবিদ্যালয়, গৌৰীপুৰ পি বি কলেজ আৰু চিলাৰায় কলেজ গোলকগঞ্জকে ধৰি ধুবুৰীৰ বিভিন্ন শিক্ষানুষ্ঠান তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহন কৰে এই বিশেষ প্ৰতিযোগিতাখনত ।
ধুবুৰীত নিৰ্বাচন কেন্দ্ৰিক কুইজ প্ৰতিযোগিতা - ধুবুৰী
বিভিন্ন শিক্ষানুষ্ঠান মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহণ
![ধুবুৰীত নিৰ্বাচন কেন্দ্ৰিক কুইজ প্ৰতিযোগিতা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2729066-720-089bdef7-4343-484e-af9d-8199f85c0d51.jpg)
ধুবুৰীত নিৰ্বাচন কেন্দ্ৰিক কুইজ প্ৰতিযোগিতা
ধুবুৰীত নিৰ্বাচন কেন্দ্ৰিক কুইজ প্ৰতিযোগিতা
দেশৰ বিভিন্ন দিশ সামৰিলৈ নিৰ্বাচন কেন্দ্ৰিক বহু গুৰুত্বপূৰ্ণ প্ৰশ্নৰে এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি নৱ প্ৰজন্মৰ মাজত নিৰ্বাচন প্ৰসংগত বিশেষ ভাবে সজাগতা অনাৰ প্ৰয়াস কৰে । ইফালে এই প্ৰতিযোগিতা অনুষ্ঠানত ই ভি এম যন্ত্ৰৰ জৰিয়তে কি দৰে ভোট প্ৰদান কৰিব পাৰি তাৰো এক প্ৰশিক্ষণ দিয়া হয় ছাত্ৰ ছাত্ৰী সকলক ।