অসম

assam

ETV Bharat / state

অনাহাৰে দিন কটাইছে কোৱাৰেন্টাইনত থকা লোকে ! - ধুবুৰী জিলা প্ৰশাসন

আহাৰ যোগান দিয়াৰ বাবে ঠিকা লাভ কৰা ব্যৱসায়ীসকলে সময়তকৈ বহু পলমকৈ খাদ্য যোগান দিয়াৰ উপৰিও অতি নিম্নমানৰ খাদ্য যোগান দিয়াৰ অভিযোগ কোৱাৰেন্টাইনত থকা লোক সকলৰ ।

Quarantine food corruption at dhubri
কোৱাৰেণ্টাইন চেণ্টাৰত অনাহাৰে দিন কটাইছে শ শ লোকেঃ নিশ্চুপ ধুবুৰী জিলা প্ৰশাসন

By

Published : May 25, 2020, 8:13 PM IST

ধুবুৰী, 25মে':ধুবুৰী জিলাৰ কোৱাৰেন্টাইন কেন্দ্ৰত খাদ্য যোগান দিয়াৰ নামত চৰম দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ ধুবুৰীৰ পানবাৰী ৰঙামাটি চিনিয়ৰ মাদ্ৰাছা কোৱাৰেন্টাইনত থকা লোকসকলে আজি ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰে ৷

ধুবুৰী জিলাৰ কোৱাৰেণ্টাইন চেণ্টাৰত খাদ্য যোগান দিয়াৰ নামত চৰম দুৰ্নীতি

জানিব পৰা মতে, কেন্দ্ৰটোত থকা প্ৰতিজন লোকৰ খোৱা বাবদ চৰকাৰে ৫০০ টকাকৈ ধাৰ্য্য কৰি দিছে । ইয়াৰে ৰাতিপুৱাৰ আহাৰৰ বাবে ৮০ টকা, দুপৰীয়া আহাৰৰ বাবে ১৫০ টকা আৰু ৰাতিৰ আহাৰৰ বাবে ১৫০ টকাৰ লগতে আহাৰ পেকেটিং আৰু খোৱাপানীকে ধৰি মুঠ পাঁচশ টকা ধাৰ্য কৰা হৈছিল । কিন্তু ৰাতিপুৱাৰ আহাৰৰ বাবে নামমাত্ৰ টকা খৰচ কৰাৰ লগতে দুপৰীয়া আৰু নিশাৰ ভাগতো নামমাত্ৰ আহাৰ যোগান দিয়াৰ অভিযোগ কৰিছে কেন্দ্ৰটোত থকা লোকসকলে ।

কোৱাৰেণ্টাইন চেণ্টাৰত অনাহাৰে দিন কটাইছে শ শ লোকেঃ নিশ্চুপ ধুবুৰী জিলা প্ৰশাসন

আহাৰ যোগান দিয়াৰ বাবে ঠিকা লাভ কৰা ব্যৱসায়ীসকলে সময়তকৈ বহু পলমকৈ খাদ্য যোগান দিয়াৰ উপৰিও অতি নিম্ন মানৰ খাদ্য যোগান দিয়াৰ অভিযোগ কোৱাৰেন্টাইনত থকা লোকসকলৰ ৷ কেন্দ্ৰটোত থকা শ-শ লোকৰ প্ৰাপ্যখিনি আত্মসাৎ কৰাত একাংশ ব্যৱসায়ী উঠি পৰি লাগিছে বুলিও কয় কোৱাৰেন্টাইনত থকা লোকসকলে ৷ যাৰ পৰিপ্ৰেক্ষিতত ধুবুৰীৰ অধিকাংশ কোৱাৰেন্টাইন কেন্দ্ৰত থকা শ-শ লোকে একপ্ৰকাৰ অনাহাৰে দিন কটাবলগীয়া হৈছে ৷

কোৱাৰেণ্টাইন চেণ্টাৰত অনাহাৰে দিন কটাইছে শ শ লোকেঃ নিশ্চুপ ধুবুৰী জিলা প্ৰশাসন

আনহাতে এনে অভিযোগৰ ভিত্তিত কেৱল ইটিভি ভাৰতে বাতৰি সম্প্ৰচাৰ কৰি আহিছে যদিও প্ৰশাসন এইক্ষেত্ৰত নিশ্চুপ হৈ ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাহে পৰিলক্ষিত হৈছে ৷ এনে নিৰৱতাক লৈ ৰাইজৰ প্ৰশ্ন, নীৰৱতা অৱলম্বন কৰি খাদ্য যোগানৰ ঠিকা লাভ কৰা ব্যৱসায়ীসকলক লুণ্ঠনৰাজ চলাবলৈ হাত উজান দিছে নেকি জিলা প্ৰশাসনে ?

লগতে পঢ়কঃকোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই

ABOUT THE AUTHOR

...view details