পূৱ বিলাসীপাৰা,4 এপ্ৰিল:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ মাজতে চাপৰৰ পুঠিমাৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ হুছেইনে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ কেতবোৰ ভুৱা অভিযোগেৰে আব্দুল হামিদ নামৰ এজনে লোকে সামাজিক মাধ্যমত তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি নাজিৰ হুছেইনে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা হৈছে বুলি দাবী কৰে ৷ এই ঘটনাত চাপৰৰ পুঠিমাৰী গাওঁ পঞ্চায়তৰ ৰাইজ সকলেও এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আব্দুল হামিদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷
অভিযোগ অনুসৰি, 2 এপ্ৰিলত কংগ্ৰেছৰ পুঠিমাৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ হুছেইনকে ধৰি আন কেইজনমান লোকক মহাজোঁটৰ এআইডিইউএফ-ৰ মনোনীত প্ৰাৰ্থী ছামচুল হুদাৰ বাইক ৰেলীৰ তেলৰ কুপন বিলোৱাৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ কিন্তু মটৰ চাইকেলত তেল ভৰাই থকাৰ সময়তে আব্দুল হামিদ আহি নাজিৰ হুছেইনৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় ৷ এই ঘটনাৰ পাছতে হামিদে মাৰপিটৰ অভিযোগ আনি চাপৰ থানাত এখন এজাহাৰ দাখিল কৰি সামাজিক মাধ্যমত পুঠিমাৰী গাওঁ পঞ্চায়তৰ সভাপতি নাজিৰ হুছেইনে তেওঁক মাৰপিট কৰা বুলি প্ৰচাৰ চলায় ৷