ধুবুৰী,7 অক্টোবৰঃ সোমবাৰে শাৰদীয় দুৰ্গোৎসৱৰ নৱমী পূজা সম্পন্ন হোৱাৰ পিছতেই কাইলৈ দশমীত দেৱী দূৰ্গাক বিসৰ্জনক লৈ পূৰ্ণ প্ৰস্তুতি চলিছে ধুবুৰীত । ধুবুৰী সদৰ আৰক্ষী থানাৰ অধীনস্থ মুঠ ১০৪ টা পূজা সমিতিৰ পূজা মণ্ডপত প্ৰতিষ্ঠিত হৈ থকা দেৱী দুৰ্গাৰ প্ৰতিমাক সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা আৰু নীতি-নিয়মৰ মাজেৰে দশমীৰ সন্ধিয়া মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ব ।
দেৱী দুৰ্গাৰ বিসৰ্জনৰ বাবে সাজু ধুবুবীৰ পূজা সমিতি তথা জিলা প্ৰশাসন - ধুবুৰী জিলা প্ৰশাসন
মংগলবাৰে সমাপন হ'বলগীয়া শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ বাবে সকলো প্ৰয়োজনীয় প্ৰস্তুতি তুংগত কৰি তুলিছে ধুবুৰীৰ জিলা প্ৰশাসন তথা পূজা সমিতিসমূহে ৷ দশমীৰ দিনা ধুবুৰীত উলিওৱা হ'ব বিশেষ শোভাযাত্ৰা ।
দেৱী দুৰ্গাক বিসৰ্জন দিয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি তুংগত কৰি তুলিছে ধুবুৰীৰ পূজা সমিটি আৰু ধুবুৰী জিলা প্ৰশাসনে । দৰাচলতে ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ কাছাৰী ঘাটত বিসৰ্জন দিয়া হ'ব ধুবুৰী চহৰৰ ১০৪ টা মণ্ডপৰ দুৰ্গা প্ৰতিমাক । বিসৰ্জনৰ বাবে স্থায়ীভাৱে ব্যৱহৃত কাছাৰীঘাটটো মেৰামতি কৰি সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে জিলা প্ৰশাসনে । ইপিনে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় অনুসৰি কাইলৈ পুৱা পূজা সম্পন্ন হোৱাৰ পিছত দুৰ্গা প্ৰতিমাক সু-সজ্জিত ট্ৰাকত উঠাই এঘাৰ বজাত শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে আবেলি চাৰি মান বজাত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত বিসৰ্জন পৰ্ব আৰম্ভ হ'ব । উল্লেখযোগ্য যে, শাৰদীয় দুৰ্গোৎসৱৰ বাবে বিখ্যাত ধুবুৰী চহৰত প্ৰতিবছৰৰ দৰে এইবাৰও দেৱী দুৰ্গাৰ প্ৰতিমাক ট্ৰাকত উঠাই শোভাযাত্ৰা উলিওৱা হ'ব । আনহাতে পূৰ্ব পৰম্পৰা অনুসৰি ১৩৩ বছৰত ভৰি দিয়া হৰিসভা পূজা মণ্ডপৰ প্ৰতিমা শোভাযাত্ৰাৰ প্ৰথমস্থানত থাকিব ৷ মন কৰিবলগীয়া যে, দেৱী দুৰ্গাক বিসৰ্জনৰ পূৰ্বে উলিওৱা শোভাযাত্ৰাৰ ক্ষেত্ৰত ধুবুৰীৰ শোভাযাত্ৰা ৰাজ্যখনৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈ আহিছে ।
আৰু চাওক