অসম

assam

ETV Bharat / state

আমাক সংস্থাপন দিয়ক, নহ’লে গুলিয়াই মাৰক : গৌৰীপুৰত কান্দোনৰ ৰোল

বৃহস্পতিবাৰে পুনৰ সংস্থাপনৰ দাবীৰে ৰাজপথত ওলাই আহি প্ৰতিবাদ (Protest) সাব্যস্ত গৌৰীপুৰৰ আলমগঞ্জ নৱম খণ্ড গাঁৱৰ ৰাইজৰ ৷ জিলা প্ৰশাসনৰ সহযোগত BSFয়ে আগন্তুক 17 আগষ্টৰ ভিতৰত চৰকাৰী পতিত মাটিত আশ্ৰয় লৈ থকা 250 টা পৰিয়ালক ঘৰ-বাৰী স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াকে লৈ কান্দোনৰ ৰোল উঠিছে সংস্থাপনৰ পৰা বঞ্চিত এইসকল লোকৰ মাজত ৷

protest at gauripur
গৌৰীপুৰত প্ৰতিবাদ

By

Published : Aug 6, 2021, 10:33 AM IST

ধুবুৰী,6 আগষ্ট : ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জ নৱম খণ্ড গাঁৱৰ ৰাইজে বৃহস্পতিবাৰে ৰাজপথত ওলাই আহি প্ৰতিবাদ (Protest) কৰা পৰিলক্ষিত হৈছে ৷ ঘৰ-ভেটি উচ্ছেদ (Eviction)ৰ শংকাৰে পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে ৷ প্ৰতিবাদত ‘আমাক সংস্থাপন দিয়ক; নহ’লে গুলিয়াই মাৰক’, আমি ক’লৈ যাম’ এইদৰেই কান্দোনৰ ৰোল উঠে গাঁওবাসীৰ মাজত ৷

ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া (Erosion)ত সৰ্বস্ব হেৰাই দক্ষিণ শালমাৰা আৰু জলেশ্বৰ সমষ্টিৰ প্ৰায় 250 টা পৰিয়ালে চৰকাৰী পতিত মাটিত আশ্ৰয় লৈ সুদীৰ্ঘ 50 বছৰ ধৰি বসবাস কৰি আহিছে আলমগঞ্জ নৱম খণ্ড গাঁৱত । উক্ত মাটিখিনিৰ গৰাকী আলমগঞ্জ ৰঙামাটি কো-অ’পাৰিটিভ ছ’চাইটি নামৰ এটা NGO বুলি জানিব পৰা গৈছে । 1998 চনত অসম আৰক্ষীৰ 20 বেটেলিয়নক মাটিডৰা হস্তান্তৰ কৰিছিল NGO টোৱে ।

গৌৰীপুৰত প্ৰতিবাদ

লগতে পঢ়ক :নলবাৰীত দিন-দুপৰতে চিলনী চোৰে লুটিলে টকাৰ বেগ

কিন্তু পৰিয়ালকেইটা উচ্ছেদ কৰিব লগা হোৱাৰ বাবে বেটেলিয়নটোৱে অন্য ঠাইত স্থাপন কৰে বেটেলিয়নৰ মুখ্য কাৰ্যালয় ৷ আনহাতে, 1991 চনৰ জৰীপৰ ভূমি আইন মতে, চিটা কপিৰ অন্তৰ্ভুক্ত এইসকল পৰিয়ালে ভূমি বেদখলৰ বাবে খাজনা দি আহিছে । 2007-2008 চনত ধুবুৰী জিলা ভূমিৰ উপদেষ্টা কমিটীয়ে উচ্ছেদৰ পূৰ্বে পৰিয়াল কেইটাক সংস্থাপন দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।

ইয়াৰোপৰি বিগত বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয় (Guwahati High Court)ত ভূমি অধিকাৰ আইনৰ অধীনত ভূমিহীন লোকক মাটি আৱণ্টন দিয়াৰ বাবে এখন আবেদন দাখিল কৰিছিল গাঁওখনৰ বাসিন্দাসকলে । আদালতত গোচৰ চলি থকাৰ সময়তে এতিয়া জিলা প্ৰশাসনে আলমগঞ্জ নৱম খণ্ডৰ 250 বিঘা মাটি BSFক হস্তান্তৰ কৰি উচ্ছেদৰ প্ৰস্তুতি চলাইছে ।

বৃহস্পতিবাৰে জিলা প্ৰশাসনৰ সহযোগত BSFয়ে ভূমিৰ চৌদিশে খুঁটা পুতি আগন্তুক 17 আগষ্টৰ ভিতৰত ঘৰ-বাৰী স্থানান্তৰ কৰিবলৈ পৰিয়াল কেইটাক নিৰ্দেশ দিয়ে ৷ যাৰ বাবে সংস্থাপনৰ পৰা বঞ্চিত এইসকল লোকে ভাত-পানী এৰি পুনৰ সংস্থাপন কৰি দিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক :লাভ জেহাদ ! মানসিক চাপৰ পৰিণতিত আত্মজাহ এগৰাকী কিশোৰীৰ

ABOUT THE AUTHOR

...view details