অসম

assam

ETV Bharat / state

গাঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ সিদ্ধান্ত ল'লে দক্ষিণ শালমাৰাৰ ৰাইজে

জনপ্ৰতিনিধিৰ আশ্বাস হেৰুৱাই জনসাধাৰণে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে পকী দলং ৷ সৰ্বস্তৰৰ লোকে জিলা উপায়ুক্তৰ পৰা অনুমতি সাপেক্ষে নৈখনত ৰাইজৰ দান বৰঙণিৰে এখন পকী দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

গাঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ সিদ্ধান্ত ললে দক্ষিণ শালমাৰাৰ ৰাইজে
গাঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ সিদ্ধান্ত ললে দক্ষিণ শালমাৰাৰ ৰাইজে

By

Published : Sep 15, 2020, 4:05 PM IST

ধুবুৰী,15 ছেপ্টেম্বৰ : জনপ্ৰতিনিধিৰ আশ্বাস হেৰুৱাইছে জনসাধাৰণে ৷ নিৰ্বাচনৰ সময়ত ৰাইজক জনপ্ৰতিনিধি আৰু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি সমূহ ধোৱা চাঙত উঠা পৰিলক্ষিত হৈছে ৷ দক্ষিণ শালমাৰাত ৰাইজে নিজেই গাঠিৰ ধন খৰচ কৰি উন্নয়নমূলক কাম কাজ কৰিবলৈ আগবাঢ়ি আহিছে ৷

গাঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ সিদ্ধান্ত ল'লে দক্ষিণ শালমাৰাৰ ৰাইজে

এখন পাৰঘাট,স্বাধীনোত্তৰ কালৰে পৰা লক্ষাধিক জনতাই এইখন পাৰ ঘাটেৰে বহিঃবিশ্বৰ সৈতে যোগাযোগ স্থাপন কৰি আহিছে । বৰ্তমানো দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অসম মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলৰ লক্ষাধিক জনতাই এইখন পাৰঘাটেৰে যাতায়ত অব্যাহত ৰাখিছে । উল্লেখ্য যে,মুমুৰ্ষ ৰোগীৰ পৰা ব্যৱসায়ী, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী,বিষয়া কৰ্মচাৰীৰ পৰা সৰ্বসাধাৰণ জনতাই যাতায়তৰ নামত নৰক যন্ত্ৰণা ভোগ কৰি আহিছে ।

গাঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ সিদ্ধান্ত ল'লে দক্ষিণ শালমাৰাৰ ৰাইজে

দীৰ্ঘ দিনৰে পৰা জিঞ্জিৰাম নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে বাৰাম্বাৰ দাবী জনাই আহিছে স্থানীয় ৰাইজে । ইমানৰ পাছতো ৰাইজৰ দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই সাংসদ বিধায়ক,পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰৰে । উল্লেখনীয়ভাৱে,ধেনাৰকুটি ফুলবাৰী সংযোগী জিঞ্জিৰাম নৈৰ ওপৰত এখন পকী দলং নথকাত এতিয়া পাৰঘাটেৰে নিতৌ বিপদ সংকুল অৱস্থাৰ মাজেৰে পাৰা হ'বলগীয়া হৈছে শ শ লোক ।

গাঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ সিদ্ধান্ত ল'লে দক্ষিণ শালমাৰাৰ ৰাইজে

ইপিনে প্ৰতিটো নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক নেতা পালিনেতা সকলে দলং নিৰ্মাণক প্ৰাধান্য দি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত এই প্ৰতিশ্ৰুতিত শূন্যতাই বিৰাজ কৰিছে । সম্প্ৰতি বিধায়ক ৱাজেদ আলী চৌধুৰী,সাংসদ বদৰুদ্দিন আজমলেও দিয়া প্ৰতিশ্ৰুতি পালন নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী জনতাই । ইয়াৰ পাছতেই উপায়ন্তৰ হৈ সৰ্বস্তৰৰ লোকে নৈখনত ৰাইজৰ দান বৰঙণিৰে এখন পকী দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জিলা উপায়ুক্তৰ পৰা অনুমতি লৈ চলিত বৰ্ষতেই দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে বুলি প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক :চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছঃ চীনা বিজ্ঞানীৰ দাবী

ABOUT THE AUTHOR

...view details