ধুবুৰী, 7 ডিচেম্বৰ :আজিৰে পৰা অনাগত দুটা দিনত কাম নহয় ধুবুৰীৰ বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয়ত ৷ কিয়নো সদৌ অসম লাট মণ্ডল কাননগো সন্মিলনীৰ আহ্বান মৰ্মে ধুবুৰী জিলা কমিটীৰ উদ্যোগত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত লাট মণ্ডলসকলে কৰ্মবিৰতি আৰম্ভ কৰিছে (Lat Mandal protest in Dhubri)৷
দৰাচলতে, যোৱা 28 নৱেম্বৰত বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয়ত এগৰাকী লাট মণ্ডল নজৰুল ইছলামক কৰ্মৰত অৱস্থাত একাংশ লোকে আক্ৰমণ চলাইছিল । পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী লাট মণ্ডলগৰাকীয়ে বিলাসীপাৰা আৰক্ষী থানাত আক্ৰমনকাৰীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ । আৰক্ষীয়েও এই ঘটনাৰ সৈতে জড়িত তিনিজন ব্যক্তিক আটক কৰিছিল ৷