অসম

assam

ETV Bharat / state

দম্পতী হত্যাৰ হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তাল বিলাসীপাৰা - দম্পতী হত্যাকাণ্ড

বিগত সপ্তাহৰ মঙলবাৰে নিশা বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ পাইকানডাৰা 2য় খণ্ড গাঁৱত সংঘটিত দম্পতী হত্যাকাণ্ডই উত্তাল কৰিছে বিলাসীপাৰা ৷ 9 বছৰীয়া পুত্ৰ সন্তানৰ সন্মুখতে পিতৃ-মাতৃক হত্যা কৰা ডকাইতৰ দলটোক কৰায়ত্ব কৰি হত্যাকাৰীক ফাঁচিৰ দাবীত সোমবাৰে বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী চকী ঘেৰাও কৰে স্থানীয় ৰাইজে ৷

Protest demanding punishment for killer at bilasipara
দম্পতী হত্যাৰ হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তাল বিলাসীপাৰা

By

Published : May 24, 2021, 6:05 PM IST

পশ্চিম বিলাসীপাৰা, 24 মে': বিলাসীপাৰাৰ লক্ষীগঞ্জ পাইকানডাৰা 2য় খণ্ড গাঁৱত মঙলবাৰে নিশা সংঘটিত হোৱা দম্পতী হত্যাকাণ্ডই উত্তাল কৰিছে বিলাসীপাৰা ৷ কণমানি পুত্ৰ সন্তানৰ সন্মুখতে ডকাইতৰ দলে পিতৃ-মাতৃক হত্যা কৰি নগদ ধনসহ সোণ-ৰূপৰ আ-অলংকাৰ লুটি নিয়াক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে বিলাসীপাৰাত ৷

পেচাত এগৰাকী বিজ্ঞান বিভাগৰ শিক্ষক জাকিৰ হুছেইন আৰু চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চৰ চাকৰিত নিয়োজিত আচমা বেগমৰ হত্যাকাৰীক ফাঁচিৰ দাবীত সোমবাৰে বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী চকী ঘেৰাও কৰে স্থানীয় ৰাইজে ৷ ‘অসম আৰক্ষী হায় হায়’ ‘হত্যাকাৰীক ফাঁচি দিয়ক’ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

দম্পতী হত্যাৰ হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তাল বিলাসীপাৰা

উল্লেখ্য যে, বিগত সপ্তাহৰ মঙলবাৰে পাইকানডাৰা ২য় খণ্ড গাঁৱৰ জাকিৰ হুছেইন আৰু আচমা বেগমৰ হত্যাকাণ্ডৰ এসপ্তাহ উকলি যোৱাৰ পাচতো হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰা কাৰ্যত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ শ শ ৰাইজ ৷ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ত কৰি ফাঁচিৰ দাবীত পথ অৱৰোধ কৰাৰ লগতে আৰক্ষী চকী ঘেৰাও কৰে কেইবাশতাধিক প্ৰতিবাদী পুৰুষ মহিলাই ৷

প্ৰতিবাদস্থলী অধিক উত্তপ্ত হৈ পৰাত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰাৰ পাচতহে পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে ৷

লগতে পঢ়ক:অৱশেষত আৰক্ষীৰ জালত অযোধ্যা হত্যাকাণ্ডৰ মূল অভিযুক্ত

ABOUT THE AUTHOR

...view details