অসম

assam

ETV Bharat / state

ৰাজ্যৰ চুকে কোণে অব্যাহত প্ৰতিবাদ : সান্ধ্য আইন জাৰি মহানগৰীত ! - সান্ধ্য আইন জাৰি মহানগৰীত

বহু বিতৰ্কিত কেব গৃহীত হোৱাৰ পিচত ৰাজ্যত অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদৰ জুই ৷ ধুবুৰীৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাধাৰণ জনতাৰ ৷ সান্ধ্য আইন জাৰি কৰাৰ ফলত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী ৷ কলগাছিয়াতো দেখিবলৈ পোৱা গ'ল কেব বিৰোধী প্ৰতিবাদ ৷

অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদৰ জুই
অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদৰ জুই

By

Published : Dec 12, 2019, 1:13 PM IST

নিউজ ডেস্ক, 12 ডিচেম্বৰ:বুধবাৰে ৰাজ্যসভাৰ মজিয়াত বহু বিতৰ্কিত কেব গৃহীত হোৱাৰ পিচত ৰাজ্যত অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদৰ জুই ৷

ধুবুৰী:ধুবুৰীৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাধাৰণ জনতাৰ ৷ বিলাসীপাৰাৰ টিলাপৰা অঞ্চলৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত ওলাই আহিল একাংশ লোক ৷ চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৷

ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাধাৰণ জনতাৰ

গুৱাহাটী:ইতিমধ্যে সান্ধ্য আইন জাৰি কৰাৰ ফলত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী ৷ বেৰিকেড লগাই বন্ধ কৰি দিয়া হৈছে খানাপাৰাস্থিত মুখ্য প্ৰৱেশদ্বাৰ ৷ মোতায়েন কৰা হৈছে অধিক সেনা জোৱান ৷ জাৰি কৰিছে সেনাৰ ফ্লেগ মাৰ্চ ৷

সান্ধ্য আইন জাৰি মহানগৰীত


কলগাছিয়া:কলগাছিয়াতো দেখিবলৈ পোৱা গ'ল কেব বিৰোধী প্ৰতিবাদ ৷ কলগাছিয়াৰ চেনিমাৰিত দল-সংগঠন নিৰ্বিশেষে জঁপিয়াই পৰিছে আন্দোলনত ৷ আন্দোলনকাৰীয়ে দাহ কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি ৷

আন্দোলনকাৰীয়ে দাহ কৰিলে প্ৰতিকৃতি

লগতে পঢ়ক: মহানগৰীত সেনাৰ ফ্লেগ মাৰ্চ, স্তব্ধ জনজীৱন !

ABOUT THE AUTHOR

...view details