অসম

assam

আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ধুবুৰীৰ বানাক্ৰান্তৰ

By

Published : Jul 15, 2020, 5:03 PM IST

ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে ধুবুৰী জিলাতো ভয়াবহ ৰূপ ধাৰণ কৰিছে প্ৰলয়ংকাৰী বানে । বছৰটোৰ দ্বিতীয়টো বানপানীয়ে প্লাৱিত কৰি তুলিছে নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ প্ৰায় পাঁচ শতাধিক গাঁও । উল্লেখযোগ্য যে,ধুবুৰীৰ প্ৰায়বোৰ গাঁও প্লাৱিত হোৱাৰ বিপৰীতে ধুবুৰী সদৰ চহৰৰ প্ৰায় প্ৰতিটো ৱাৰ্ড প্লাৱিত হৈ পৰিছে । চহৰ খনৰ ১২,১৩ আৰু ১৪ নম্বৰ ৱাৰ্ডৰ ৰাইজ দুৰ্ভোগ ভুগিবলগীয়া হৈছে বানপানীত । বিগত প্ৰায় পোন্ধৰ বছৰৰ পৰা অঞ্চলটিৰ ৰাইজে বছৰৰ 6 মাহ কাল বানৰ কৱলত পৰি থকাৰ পিচতো জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰাইজৰ ৷

Protest by Duburi flood affected people
আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ধুবুৰীৰ বানাক্ৰান্তৰ

ধুবুৰী, 15 জুলাই : ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে ধুবুৰী জিলাতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে প্ৰলয়ংকাৰী বানে। বছৰটোৰ দ্বিতীয়টো বানপানীয়ে প্লাৱিত কৰি তুলিছে নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ প্ৰায় পাঁচ শতাধিক গাঁও । ইতিমধ্যে,জলমগ্ন হৈ পৰিছে অবিভক্ত ধুবুৰী জিলা খনৰ লক্ষাধিক জনতা ।

আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ধুবুৰীৰ বানাক্ৰান্তৰ

বানৰ কবলত পৰি খাদ্য আৰু খোৱা পানীৰ বাবে বানাক্ৰান্তই হাহাকাৰ কৰি থকাৰ সময়তে যোৱা মঙলবাৰে জিলা খনৰ দায়িত্বত থকা মন্ত্ৰী প্ৰমিলাৰণী ব্ৰহ্মই জিলা প্ৰশাসনৰ সৈতে বৈঠক অনুষ্ঠিত কৰি বান শিবিৰত আশ্ৰয় নোলোৱা লোকক সাহাৰ্য দিয়া নহব বুলি চৰকাৰী ভাৱে ঘোষণা কৰাৰ পিচতেই ক্ষোভিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ । কৰ'ণাৰ এই জটিল সময়ৰ মাজত লাখ-লাখ বানাক্ৰান্ত লোকক বান শিবিৰলৈ যোৱাটো যুক্তি সংগত নহয় বুলি দাবী কৰি সকলো পৰিয়ালক ঘৰে-ঘৰে সাহাৰ্য সামগ্ৰী বিতৰণ কৰাৰ দাবী উত্থাপন কৰে বানাক্ৰান্ত ৰাইজে ।

উল্লেখযোগ্য যে,ধুবুৰীৰ প্ৰায়বোৰ গাঁও প্লাৱিত হোৱাৰ বিপৰীতে ধুবুৰী সদৰ চহৰৰ প্ৰায় প্ৰতিটো ৱাৰ্ড প্লাৱিত হৈ পৰিছে । চহৰ খনৰ ১২,১৩ আৰু ১৪ নম্বৰ ৱাৰ্ডৰ ৰাইজ দুৰ্ভোগ ভুগিবলগীয়া হৈছে বানপানীত । বিগত প্ৰায় পোন্ধৰ বছৰৰ পৰা অঞ্চলটিৰ ৰাইজে বছৰৰ 6 মাহ কাল বানৰ কৱলত পৰি থকাৰ পিচতো জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰাইজৰ ৷ কোনো ধৰণৰ সাহাৰ্য সামগ্ৰী লাভ নকৰাৰ উপৰিও খোৱাপানী লাভ নকৰাৰও অভিযোগ ৰাইজৰ ৷ আনহাতে,ধুবুৰী চহৰৰ এই বিস্তীৰ্ণ অঞ্চলৰ জ্বলন্ত সমস্যাৰ সমাধান কৰা নহ'লে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী ৰাইজে ৷

উল্লেখ্য যে, কোভিড-19 ৰ সমান্তৰালভাবে ৰাজ্যত সৃষ্টি হোৱা বানে ইতিমধ্যে তচনচ কৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল ৷ অসমৰ প্ৰায় 27 খন জিলাৰ প্ৰায় 23 লক্ষাধিক জনতা এই বানত আক্ৰান্ত হৈছে ৷ বানত মৃত্যু হোৱা লোকৰ সংখ্যা অৰ্ধ-শতাধিক অতিক্ৰম কৰিছে ৷ বৰ্তমান চৰকাৰ তথা প্ৰসাসনৰ লোকে বানাক্ৰান্তক সহায়-সহযোগিতা কৰিবলৈ সকলো সময়তে সষ্টম হৈ উঠিছে ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল লক্ষ্মী-নাৰায়ণৰ মূৰ্তি

ABOUT THE AUTHOR

...view details